নগাঁও : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এতিয়া ৰঙা ঘৰৰ আলহী। কাৰণ অভিযুক্তক প্ৰহাৰ আৰু ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজন। মঙলবাৰে নিশা ৰূপহীহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক।

কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে নিশা ৰূপহীহাট আৰক্ষীয়ে হাইদৰ হুছেইনক গ্ৰেপ্তাৰ কৰে। কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ হুছেইনক এজন অভিযুক্তক প্ৰহাৰ কৰা আৰু অভিযুক্তজনৰ পৰা ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মাটি বাৰী সংক্ৰান্তীয় এক গোচৰৰ অভিযুক্তক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল হাইদৰ হুছেইন নামৰ আৰক্ষী বিষয়াজনে।

মাটি বাৰী সংক্ৰান্তীয় এক গোচৰৰ অভিযুক্ত বাবুল আলী নামৰ এজন লোকক আটক কৰি কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ হুছেইনে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল আৰু লোকজনৰ পৰা ধন দাবী কৰিছিল। ঘটনা সন্দৰ্ভত বাবুল আলীয়ে অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষী বিষয়া হাইদৰ হুছেইনক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল। অৱশেষত আৰক্ষী বিষয়াজনক মঙলবাবে ৰূপহীহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নিৰ্দেশত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ হুছেইনক মঙলবাৰে নিশা ৰূপহীহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বৰ্তমান ৰূপহীহাট আৰক্ষী থানাত হাইদৰ হুছেইনক আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আৰক্ষী বিষয়া হাইদৰ হুছেইনৰ বিৰুদ্ধে পূৰ্বেও ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল।