আজিজ আলী
মুকালমুৱা : কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা। বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে কেইজনমান সাধানৰ যুৱক। নিজৰ গাঁঠিৰ ধন ভাঙি বানাক্ৰান্ত ৰাইজৰ মাজত যুৱক কেইজনে বিতৰণ কৰিলে বান সাহায্য। চৰকাৰলৈ অপেক্ষা নকৰি নিজে ওলাই আহি বান সাহায্য প্ৰদান কৰিলে যুৱক কেইজনে।

ৰাজ্যৰ ২৮ খনকৈ জিলা এতিয়াও বাঢ়নী পানীৰ তলত। ২৮ খন জিলাৰ ২,৩৮৯ খন গাঁৱৰ ২৪ লাখতকৈও অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত হৈছে। প্ৰাণৰ মায়াত ঘৰ-দুৱাৰ এৰি হাজাৰ হাজাৰ লোক বান শিবিৰ সমূহত আশ্ৰয় লৈছে। ইফালে পানীৰ মাজত এতিয়াও আৱদ্ধ হৈ থকা বহু লোক এটুপাল বিশুদ্ধ পানী আৰু খাদ্যৰ বাবে সংগ্ৰাম কৰিব লগীয়া হৈছে।

ৰাজ্যৰ বান প্ৰভাৱিত জিলা সমূহৰ ভিতৰত আছে নলবাৰী জিলাও। নলবাৰী জিলাৰ ঠায়ে ঠায়ে বান পৰিস্থিতি জটিল হৈ পৰিছে। ব্যতিক্ৰম নহয় জিলাখনৰ বৰক্ষেত্ৰী সমষ্টি। সমষ্টিটোৰ চৰাঞ্চল সমূহত বাঢ়নী পানীৰ লগতে তাণ্ডৱ চলাইছে গৰাখহনীয়াই। চকুৰ পলকতে ব্ৰহ্মপুত্ৰ নদীত জাহ গৈছে দুমহলীয়া আৰক্ষী থানাৰ অট্টালিকা।

ৰাজ্যত বান আৰু গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰা মহাসংকটৰ এই সময়ত কেইজনমান যুৱকে মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে। চৰকাৰী পক্ষলৈ অপেক্ষা নকৰি নিজৰ গাঁঠিৰ ধন ভাঙি বান সাহায্য প্ৰদান কৰিছে বৰক্ষেত্ৰী সমষ্টিৰ কেইজনমান যুৱকে বৰক্ষেত্ৰী সমষ্টিৰ লচিমা গাঁৱত যুৱক কেইজনে নিজৰ সমৰ্থ অনুসৰি বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

মকবুল হুছেইন, মকবুল আলম শ্বাহ, জাকিৰ হুছেইন, ৰফিকুল ইছলাম, আজমত আলী, ইমদাদুল হক, আৰিফুল হক আৰু আলী হুছেইন নামৰ যুৱক কেইজনে সাহায্য প্ৰদান কৰে। যুৱক কেইজনে এইদৰে নিজৰ গাঁঠিৰ ধন ভাঙি বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰাত অঞ্চলবাসী ৰাইজ সন্তুষ্টি প্ৰকাশ কৰি যুৱক কেইজনৰ শলাগ লয়।