জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অভিযানত পুৱতি নিশা জব্দ ট্ৰাকসহ ২০ টাকৈ চোৰাং গৰু। জোনাইৰ পৰা খাৰুপেটিয়ালৈ লৈ গৈ থকা অৱস্থাত বিশ্বনাথ সদৰ আৰক্ষীৰ এটা দলে জব্দ কৰিবলৈ সক্ষম হয় গৰুভৰ্তি এখন ট্ৰাক। পুৱতি নিশা এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বিশ্বনাথ সদৰ আৰক্ষী থানাৰ সন্মুখত গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় বিশ্বনাথ আৰক্ষী।

কোনো ধৰণৰ নথি পত্ৰ নথকাকৈ জোনাইৰ পৰা খাৰুপেটিয়ালৈ এই ২০ টা গৰু লৈ গৈ আছিল ট্ৰাকখনৰ চালক জুবেদ আলীয়ে। বিশ্বনাথ সদৰ আৰক্ষীয়ে ইতিমধ্যে ট্ৰাক চালক জুবেদ আলীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। যি সময়ত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে সেই সময়তে একাংশই গৰুৰ চোৰাং বেহা অব্যাহত আছে। আৰক্ষী প্ৰশাসনৰ তীব্ৰ অভিযানৰ পিছতো জোনাইৰ পৰা বিশ্বনাথ লৈকে অবৈধভাৱে ট্ৰাকত গৰু ভৰাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে কেনেকৈ আহিব পাৰিলে ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বেও বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্বত অভিযান চলাই বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ৬০ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী। নথি পত্ৰ নথকাকৈ লক্ষীমপুৰ দিশৰ পৰা নগাঁও দিশে লৈ আহি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিছিল গো ভৰ্তি দুখন ট্ৰাক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘনাই আৰক্ষীৰ অভিযানত চোৰাং গৰু জব্দ হৈ আছে।