ৰঙিয়া, ৭ অক্টোবৰঃ ৰঙিয়াৰ মহখুলিত পুৱতি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰ ভাবে আহত হয়। প্ৰাপ্ত তথ্য মতে, লক্ষ্মী পূজা উপলক্ষে আয়োজিত নাটক চাই পুৱতি নিশা যুৱক তিনিজনে এখন এফজেএছ বাইকত আহি থকা সময়তে দুৰ্ঘটনাটো সংঘটিত হয়৷ তীব্ৰবেগী বাইক দুখনে ৰঙিয়াৰ মহখুলিত নিয়ন্ত্ৰণ হেৰুৱাই নাৰিকল গছত খুন্দা মাৰে৷ দুৰ্ঘটনাত এফজেএছ বাইক দুখনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বাইকত অহা যুৱক তিনিজন বহু দূৰত চিটিকি পৰে৷ দুৰ্ঘটনাত হিৰক দাস (২৫) নামৰ যুৱকজনৰ থিতাতে মৃত্যু হয়৷ আনহাতে আন দুজন যুৱক ক্ৰমে মৃদুল কলিতা (২৬), দীপজ্যোতি দাস (১৭) গুৰুতৰভাৱে আহত হয়।  যুৱক দুজনক সংকটজনক অৱস্থাত জিএমচিএইছত ভৰ্ত্তি কৰা হয়৷