বোকাজান : অসম-নাগালেণ্ড সীমান্তত আৰক্ষী আৰু সেনাৰ ড্ৰাগছ বিৰোধী অভিযান। খাটখটী আৰক্ষী আৰু সেনাই যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে ৭ কোটি টকা মূল্যৰ হে’ৰইন। শাক-পাচলিৰ বেগৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ হে’ৰইনখিনি। হে’ৰইনখিনি সৰবৰাহৰ লগত জড়িত পিতা-পুত্ৰক গ্ৰেপ্তাৰ।

আৰক্ষীয়ে ড্ৰাগছ মুক্ত অসমৰ লক্ষ্য আগত ৰাখি ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলি এটাৰ পিছত আনটো সাফল্য লাভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে কোটি কোটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰাৰ লগতে জালত পেলাইছে বহু কুখ্যাত ড্ৰাগছ মাফিয়াক। আৰক্ষীৰ এই সাফল্যৰ মাজতো অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ এই সাফল্য সমূহৰ ভিতৰত কাৰ্বি আংলং আৰক্ষীৰ কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্য অন্তৰ্ভুক্ত হৈ আছে। বহিঃৰাজ্যৰ পৰা অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহ কৰাৰ চেষ্টা চলোৱা কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীৰ চেষ্টাক বিফল কৰিবলৈ সক্ষম হোৱা কাৰ্বি আংলং আৰক্ষীয়ে পুনৰ এক বৃহৎ সাফল্য লাভ কৰিছে। বৃহৎ পৰিমাণৰ হে’ৰইন জব্দ কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং আৰক্ষী।

কাৰ্বি আংলৰ খটখটী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত নাগালেণ্ড সীমান্তত অভিযান চলাই মণিতন সিঙ আৰু ৰোহিত সিঙৰ শাক-পাচলি ভৰ্তি বেগৰ পৰা হে’ৰইনখিনি জব্দ কৰে। শাক-পাচলিৰ বেগৰ পৰা ৭৯ টা চাবোনৰ বাকচত হে’ৰইন জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে মণিতন সিঙ আৰু ৰোহিত সিঙক অধিক তথ্যৰ বাবে জেৰা চলাই।থকা বুলি জানিব পৰা গৈছে।

মণিতন সিঙ আৰু ৰোহিত সিঙ পিতা-পুত্ৰ। অসমৰ হোজাই জিলাৰ মণিতন সিঙ আৰু ৰোহিত সিঙ বৰ্তমান নাগালেণ্ডৰ বাসিন্দা। আৰক্ষীয়ে ৭৯ টা চাবোনৰ বাকচত জব্দ কৰা ১ কেজি হে’ৰইনখিনিৰ বজাৰ মূল্য ৭ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। জব্দকৃত হে’ৰইনখিনি মণিতন সিঙ আৰু ৰোহিত সিঙে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আনিছিল বুলি জানিব পৰা গৈছে।