আমিনুৰ ৰহমান
শিৱসাগৰ : শিৱসাগৰত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ মানৱ শৃংখল কাৰ্যসূচী। মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে শিৱসাগৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে আকাশ-বতাহ উত্তাল কৰি তোলে। মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত শুকুৰবাৰে শিৱসাগৰত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে এক মানৱ শৃংখলা কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত সংগঠনটোৱে দহদফীয়া দাবীৰ সমৰ্থনত মানৱ শৃংখল কাযসুচী ৰূপায়ন কৰে। প্ৰায় দুই শতাধিক পুৰুষ- মহিলাই এই মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আমাক জনজাতিককৰণ প্ৰদান কৰক, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, বিজেপি চৰকাৰ মূর্দাবাদ, মামা তোমাৰ কাম নাই আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে আকাশ-বতাহ উত্তাল কৰি তোলে।

মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অনুপ চেতিয়া, শিৱসাগৰ জিলা সমিতিৰ সভাপতি নিৰঞ্জন চেতিয়া আৰু সাধাৰণ সম্পাদক বিকাশ গগৈৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ভূমিপুত্ৰ মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ তালিকাত অন্তৰ্ভূক্ত কৰি সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ দাবী জনোৱা হয়। মটক স্বায়ত্ব শাসিত পৰিষদলৈ পযাপ্ত পুঁজি আবন্টন দিয়া, মূল্যবৃদ্ধি ৰোধ কৰা, শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে জিলাখনৰ জৰাজীৰ্ণ বাট পথ মেৰামতি কৰাৰো দাবী জনায়।