লংকা, ২৭ মেঃ লংকাৰ কঁপিলিপাৰত নিশা সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। কথমপি তিনি পাষণ্ডৰ হাতৰ পৰা ৰক্ষা পৰিল এগৰাকী কিশোৰীৰ আত্মসন্মান। ঘটনাৰ বিৱৰণী মতে, নিশা প্ৰায় ১২ বজাত কঁপিলীপাৰৰ নিবাসী বাবুল আহমেদ আৰু দুই সহযোগীয়ে একে গাঁৱৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক বলপূৰ্বক ভাবে উঠাই নিয়ে। দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তিনি লম্পতে কিশোৰী গৰাকীৰ মুখত গামোচাৰে বান্ধি বলপূৰ্বক ভাৱে বাবুলৰ ঘৰলৈ উঠাই নিয়ে। ঘটনাৰ উমান পাই কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে লংকা আৰক্ষীক খবৰ দিয়ে৷ যথাসময়ত আৰক্ষী বাবুলৰ ঘৰত উপস্থিত হৈ কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, বাবুল আৰু বাবুলৰ দুই সহযোগী বৰ্তমান পলাতক হৈ আছে। লংকা আৰক্ষীয়ে তিনিও জন অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে। বৰ্তমান কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে বাবুল আৰু দুই সতীৰ্থৰ বিৰুদ্ধে লংকা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।