বঙাইগাঁও, ১১ জুলাই, ২০২৩ : ভাৰতৰ নিৰ্বাচনী আয়োগে (Election Commission of India) যোৱা ২০ জুন তাৰিখে জনপ্ৰতিনিধি আইন ১৯৫০ ধাৰা (ক) ত উল্লেখ কৰা অনুসৰি অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগৰ খচৰাখন কিছু সংশোধনী কৰিৱলৈ কোচ ৰাজবংশী জাতীয় পৰিষদ আৰু কোচ ৰাজবংশী ভাষা অধ্যয়ন, গৱেষণা আৰু উন্নয়ন সমিতিৰ এটি প্ৰতিনিধি দলে বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ নিৰ্বাচনী আয়োগলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

স্মাৰকপত্ৰ প্ৰদান কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে, ভাৰতৰ নিৰ্বাচনী আয়োগে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে যিখন খচৰা প্ৰকাশ কৰিছে সেই খচৰা জাননীক লৈ কোচ ৰাজবংশী সমাজ সংকিত হৈছে আৰু সেই সম্পৰ্কে আলোচনা কৰিৱলৈ যোৱা ৯ জুলাইত বঙাইগাঁও জিলাৰ সিদলসতীত কোচ ৰাজবংশী জাতীয় পৰিষদে এখন নাগৰিক সভা অনুষ্ঠিত কৰি কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে৷ উক্ত নাগৰিক সভাত গৃহীত হোৱা প্ৰস্তাৱ সমূহ কাৰ্যকৰী কৰিবলৈ বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ মূখ্য নিৰ্বাচনী আযোগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বিবৃত যোগে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ খচৰা নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা দিনৰে পৰা অসমৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সীমা নিৰ্ধাৰণৰ জৰিয়তে খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ’ব বুলি দাবী কৰি আহিছে যদিও খচৰাখনৰ জৰিয়তে অবিভক্ত গোৱালপাৰা জিলাৰ খিলঞ্জীয়া কোচ ৰাজবংশী সকলক ৰাজনৈতিকভাৱে কামীহাড় ভাঙি দিব বিচৰা হৈছে। অসমৰ ১২৬ টা বিধান সভা আৰু ১৪ টা সংসদীয় সমষ্টিসমূহ পৰ্য্যালোচনা কৰিলে কিছু সংখ্যক সমষ্টিত খিলঞ্জীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ অস্তিত্ব সুৰক্ষিত হৈছে যদিও বহুসংখ্যক সমষ্টিত কোচ ৰাজবংশীৰ লগতে আন কিছুমান জনগোষ্ঠীৰ অস্তিত্ব বিপদাপন্ন কৰি খিলঞ্জীয়াৰ জনপ্ৰতিনিধিত্ব কৰাৰ অধিকাৰ নিশেষ:কৰাৰহে অশনি সংকেত স্পষ্ট ৰূপত প্ৰকাশ পাইছে বুলি বিশ্বজিৎ ৰায়ে আক্ষেপ কৰে।

বিশ্বজিৎ ৰায়ে ধুবুৰী জিলাৰ গোলকগঞ্জ, গৌৰীপুৰ আৰু বিলাসীপাৰা বিধানসভা সমষ্টি তিনিটাৰ পুনৰ নিৰ্ধাৰণত সন্তুষ্টি প্ৰকাশ কৰিছে যদিও বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিলুপ্তি ঘটাই বঙাইগাঁও জিলাত অভয়াপুৰী, মানিকপুৰ আৰু বঙাইগাঁও তিনিটা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা হৈছে যদিও মন কৰিবলগীয়া বিষয় এই যে পূৰ্বতে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিটো কোচ ৰাজবংশী আৰু খিলঞ্জীয়া লোকৰ আধিপত্য থকা সমষ্টি হিচাপে পৰিগণিত আছিল যদিও সমষ্টিসমূহ নিৰ্ধাৰণৰ ক্ষেত্ৰত ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ দৰে বঙাইগাঁও সমষ্টিটোত খিলঞ্জীয়াৰ আধিপত্য মষিমূৰ কৰি বিশেষ ভাষিক লোকৰ ৰাজনৈতিক স্বাৰ্থৰ হকেহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা দেখা গৈছে ৷

আনহাতে অভয়াপুৰী উত্তৰ সমষ্টিটো খিলঞ্জীয়া লোকৰ এক ভাৰসাম্যতা থকা হেতুকেই কেইবাবাৰো খিলঞ্জীয়াৰ পৰা জনপ্ৰতিনিধি হোৱাৰ সুযোগ লাভ কৰিছিল যদিও প্ৰস্তাবিত মানিকপুৰ বিধানসভা সমষ্টিটোত কোচ ৰাজবংশীৰ লগতে আন আন খিলঞ্জীয়া লোকৰ ৰাজনৈতিক অস্তিত্ব মষিমূৰ কৰা হৈছে। বিশ্বজিৎ ৰায়ে সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত কৰণৰ স্বাৰ্থত অসম চৰকাৰ তথা নিৰ্বাচন আয়োগে পূৰ্বৰ বঙাইগাঁও সমষ্টিৰ কোচ ৰাজবংশী তথা অন্যান্য খিলঞ্জীয়া লোক অধ্যুষিত গাঁৱ সমূহ বি টি আৰ চুক্তি মৰ্মেই বি টি আৰৰ পৰা কৰ্তন কৰি বঙাইগাঁও আৰু প্ৰস্তাবিত মানিকপুৰ সমষ্টিত অন্তৰ্ভুক্ত কৰাটো উচিত আছিল বুলি দোহাৰে।

যিহেতু পাকে প্ৰকাৰে বিশেষ কৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত সমষ্টি হিচাপে মানিকপুৰ সমষ্টিটো পুনৰ নিৰ্ধাৰণ কৰাই হৈছে তেনেক্ষেত্ৰত অভয়াপুৰী দক্ষিণ সমষ্টিৰ সমূদায় কোচ ৰাজবংশী অধ্যূষিত গাঁৱ আৰু খিলঞ্জীয়াৰ বসতিপূৰ্ণ গাঁৱ সমূহ উত্তৰ সমষ্টিত সুমোৱাই দিলেই খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হ’লহেঁতেন৷ এনে কৰিলে বঙাইগাঁও সমষ্টিৰ কোচ ৰাজবংশী আৰু খিলঞ্জীয়া লোকৰ অধ্যুষিত গাঁৱসমূহ অভয়াপুৰী সমষ্টিত অন্তৰ্ভুক্ত কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত বঙাইগাঁও সমষ্টিত খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ নিঃশেষ কৰাৰ দৰে ষড়যন্ত্ৰ অন্তত নহ'”লহেঁতেন বুলি তেওঁ কয়৷ বিশ্বজিৎ ৰায়ে অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ ফলশ্ৰুতিত শাসনৰ গাদীত সুদীৰ্ঘ কালে বহা জনপ্ৰতিনিধি গৰাকীৰ নিৰ্লিপ্ততাও বঙাইগাঁও সমষ্টিত আজি খিলঞ্জীয়াৰ অস্তিত্বৰ এই সংকটৰ বাবে দায়ী বুলি কয়।

নিৰ্বাচনী আয়োগৰ খচৰাত এইটোও প্ৰতীয়মান হৈছে যে অসমৰ ২,৬৬,৫৫,৫২৭ জনসংখ্যাৰ ভিতৰত ৩৩,০৮,৫৭০ জনজাতিৰ ভিক্তিত অসমৰ সমষ্টিসমূহৰ নিৰ্ধাৰণৰ খচৰাত জনজাতিৰ কাৰণে সংৰক্ষিত আসন ১৬ টাৰ পৰা বৃদ্ধি কৰি ১৯ টা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত অভিবক্ত গোৱালপাৰা জিলাৰ খিলঞ্জীয়া কোচ ৰাজবংশী সকলক সমষ্টি পুনৰ নিৰ্ধচৰণৰ আগতে জনজাতিকৰণ কৰিলে জনজাতিৰ সংৰক্ষিত আসনৰ সংখ্যা আৰু বাঢ়িলহেঁতেন৷ আমি আশা কৰো অসম চৰকাৰে সমষ্টি পুনৰ্নিদ্ধাৰণ চুড়ান্ত কৰাৰ আগতে অভিবক্ত গোৱালপাৰা জিলাৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি গোলকগঞ্জ, গৌৰীপুৰ, বাওখুংগুৰী, বিলাসীপাৰা, গোৱালপাৰা পশ্চিম, অভয়াপুৰী, বঙাইগাঁও, মানিকপুৰ, বিজনী, সৰভোগ (বৰনগৰ), পাটাছাৰকুছি (টিহু), ছিপাঝাৰ ১২ টা বিধানসভা সমষ্টিৰ লগতে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি দুটা কোচ ৰাজবংশীৰ লগতে আন আন খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ স্মাৰকপত্ৰৰ জৰিয়তে দাবী জনায়।

অসম চৰকাৰে যদি আমাৰ দাবীক গুৰুত্ব নিদিয়ে তেতিয়ালে কোচ ৰাজবংশী আৰু খিলঞ্জীয়াৰ অধিকাৰৰ স্বাৰ্থত ছেপ্টেমৰ মাহৰ পৰাই ধাৰাবাহিক গণআন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি বিবৃতি যোগে হুংকাৰ দিয়ে৷ আজিৰ সজাতি দলত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সহকাৰী সম্পাদক জগন্নাথ ৰায়, সদস্য অশ্বিনী ৰায়, উত্তৰ শালমাৰা জিলা কমিটিৰ সভাপতি ধীৰাজ ৰায়, কোচ ৰাজবংশী মহিলা পৰিষদৰ সভানেত্ৰী অলকা বৰুৱা, উপ-সভানেত্ৰী পূৰ্ণিমা বৰ্মন, সাধাৰণ সম্পাদিকা বৈজন্তী ৰায়, কোচ ৰাজবংশী ভাষা সংৰক্ষণ, গৱেষণা আৰু উন্নয়ন সমিতিৰ সভাপতি হৰমোহন মেধি আৰু সচিব প্ৰধান উৎপল সিংহ উপস্থিত আছিল৷