নিউজ ডেস্ক, ১২ জুলাই, ২০২৩ : উত্তৰ ভাৰতত বানৰ তাণ্ডৱলীলা। উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত বানপানীৰ ফলত ১০০ জনতকৈও অধিক লোকৰ মৃত্যু। হিমাচল প্ৰদেশত (Himachal Pradesh Flood) ৮০ জন লোকে প্ৰাণ হেৰুৱাইছে বানপানীৰ ফলত। বানপানীৰ লগতে ভূমিস্খলনৰ ফলত হিমাচল প্ৰদেশৰ কেইবাটাও পথ বন্ধ হৈ পৰাত বহু পৰ্যটক আবদ্ধ হৈ পৰিছে পাহাৰীয়া ৰাজ্যখনত। পাঞ্জাৱ আৰু হাৰিয়ানাৰ বান পৰিস্থিতিও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

উত্তৰ ভাৰতৰ বান পৰিস্থিতি ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত তাণ্ডৱলীলা চলাইছে বানপানীয়ে। ইতিমধ্যে বানপানীৰ ফলত উত্তৰ ভাৰতত ১০০ জনতকৈও অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বানপানীৰ ফলত সৰ্বাধিক লোকৰ মৃত্যু হৈছে হিমাচল প্ৰদেশত। বৰ্তমানলৈকে বানপানীৰ ফলত হিমাচল প্ৰদেশত ৮০ জন লোকৰ মৃত্যু হোৱা বাতৰি পোৱা গৈছে। বানপানীৰ লগতে ভূমিস্খলনে হিমাচল প্ৰদেশৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটাইছে।

ভূমিস্খলনৰ ফলত হিমাচল প্ৰদেশৰ কেইবাটাও পথ বন্ধ হৈ পৰাত যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰাত শ শ পৰ্যটক আৱদ্ধ হৈ পৰিছে। ইফালে পঞ্জাৱ আৰু হাৰিয়ানাত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীত ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে। পঞ্জাৱৰ সংগ্ৰুৰত ঘগগড় নদীৰ ওপৰত নিৰ্মিত মথাউৰি ভাঙি যোৱাত বিপদ সীমাৰ দুফুট ওপৰত ঘগগড় নদীৰ পানী বৈছে। যোৱা দুদিন ধৰি পৰিস্থিতি নিৰীক্ষণৰ বাবে ঘগগড় নদীৰ পাৰত প্ৰশাসনৰ লোক নিয়োজিত হৈ আছে।

উত্তৰাখণ্ডত যোৱা ২৪ ঘন্টাত ভূমিস্খলনৰ ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ জন আহত হৈছে। উত্তৰাখণ্ডৰ ৪ খন জিলা ক্ৰমে নৈনিতাল, চম্পাৱত, উধম সিং নগৰ আৰু পৌৰী গড়ৱালত ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডৰ হৰিদ্বাৰ, ডেৰাডুন, তেহৰী গড়ৱাল, ৰুদ্ৰপ্ৰয়াগ আৰু উত্তৰকাশী জিলাৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে।

আনফালে দেশৰ ৰাজধানী দিল্লীত বিপদৰ সীমাৰ ওপৰেৰে বৈছে যোৱা যমুনা নদী। দিল্লীত ২০৫.৩৩ মিটাৰ বিপদৰ সীমা অতিক্ৰম কৰিছে যমুনা নদীয়ে। পুৰণি যমুনা দলঙত পথ আৰু ৰে’ল যাতায়ত বন্ধ কৰি দিয়া হৈছে। দিল্লীত বৰষুণ সম্পৰ্কীয় ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে।হিমাচল প্ৰদেশত বানপানীৰ ফলত ১,০৫০ কোটি টকাৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে।
ৰাজ্যখনত ৪১ টা স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।