কিশোৰ মিশ্ৰ

কোকৰাঝাৰ : কোকৰাঝাৰৰ টিপকাইত উদ্ধাৰ অস্ত্ৰ ভাণ্ডাৰ।
কোকৰাঝাৰ জিলাৰ পৰ্ৱতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ টিপকাই আৰক্ষী চকীৰ অন্তৰ্গত মহামায়া সংৰক্ষিত বনাঞ্চলৰ বল্লমঝোৰা আৰু গুমা সংৰক্ষিত বনাঞ্চলৰ কালবাগানত উদ্ধাৰ অস্ত্ৰ ভাণ্ডাৰ। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই হাবিৰ মাজত গাতৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলযোগে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা বুলি সদৰী কৰে বিটিআৰৰ বিশেষ আইজিপি এল আৰ বিষ্ণইয়ে জানিবলৈ দিয়ে যে উদ্ধাৰিত অস্ত্ৰ-শস্ত্ৰ সমূহ এখন কলা প্লাষ্টিকৰে মেৰিয়াই মাটিৰ তলত পুতি থোৱা আছিল। অস্ত্ৰ-শস্ত্ৰ সমূহ প্ৰাক্তন এনডিএফবি দলৰ আছিল বুলি সন্দেহ কৰা হৈছে৷ উদ্ধাৰিত অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত আছে  দুটা ইজৰাইলত নিৰ্মিত ৰাইফল, চাৰিটা মেগজিন, বহুসংখ্যক গ্ৰেণেড , ২২ টা প্ৰেছাৰ বোমা, ২২ টা কেপ।

চোৰাংচোৱাৰ এক তথ্যত ভিত্তিত মহামায়া সংৰক্ষিত বনাঞ্চলত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুৱেৰ নেতৃত্বত আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিটিআৰৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে অভিযান চলাই মাটিৰ তলত পুতি থোৱা অৱস্থাত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।