আজিজ আলী

নালবাৰী : এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা কাবাডী খেলুৱৈৰ জীৱন সংগ্রাম। পদপথত চাহৰ দোকান দি মহিলা কাবাডী খেলুৱৈ গৰাকীয়ে চলাই গৈছে জীৱন সংগ্ৰাম। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হোৱাৰ পিছতো আজি পৰ্যন্ত চৰকাৰৰ দৃষ্টি নপৰিল মহিলা কাবাডী খেলুৱৈ গৰাকীৰ ওপৰত।

মহিলা আৰু খেলুৱৈ সকলৰ উন্নয়নৰ কথা কোৱা এইখন চৰকাৰৰ দিনতে এগৰাকী মহিলা খেলুৱৈ পদপথত চাহৰ দোকান দি পৰিয়াল পোহপাল দিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা কাবাডী খেলুৱৈ গৰাকীয়ে পদপথত চাহৰ দোকান দি জীৱন সংগ্রাম চলাই যোৱাটোৱে মহিলা আৰু খেলুৱৈ সকলৰ উন্নয়নৰ কথা কোৱা চৰকাৰখনৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে।

নালবাৰী জিলাৰ পদপথত জীৱন সংগ্ৰাম চলাই গৈছে ডালিমী হালৈ নামৰ এগৰাকী মহিলা কাবাডী খেলুৱৈ। নলবাৰীৰ সোনপুৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা কাবাডী খেলুৱৈ ডালিমী হালৈয়ে এসময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাঞ্জাৱ, ত্ৰিপুৰা, হাৰিয়ানা আদিত কাবাডী খেল খেলি জিলাখনৰ লগতে ৰাজ্যলৈ সন্মান কঢ়িয়াই আনিছিল।

ডালিমী হালৈ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হোৱাৰ পিছতো চৰকাৰৰ পৰা কোনো ধৰণৰ সা-সুবিধা অথবা চৰকাৰী কৰ্মসংস্থাপন লাভ নকৰি নলবাৰীৰ শ্বহীদ বজাৰৰ পদপথত এখন চাহৰ দোকান দি পৰিয়াল পোহপাল দি আছে। আনকি ডালিমী হালৈৰ থাকিবলৈ নাই এটি বাসগৃহ৷

ৰজাঘৰীয়া দৃষ্টি নপৰা ডালিমী হালৈয়ে চৰকাৰৰ ওপৰত ক্ষোভ উজাৰি কয় “মই এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাডী খেলুৱৈ, অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কাবাডী খেলি ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই আনিছোঁ। মই নিজৰ দক্ষতা অনুযায়ী খেলিলোঁ কিন্তু চৰকাৰে মোক যিখিনি দিব লাগিছিল দিয়া নাই”। ডালিমী হালৈ এতিয়াও আশাবাদী চৰকাৰৰ সুদৃষ্টি এদিন পৰিব।