দৰং : প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে ছিপাঝাৰৰ ককাইতোলা গাঁৱৰ ৰাইজে। প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰি এইবাৰ ভেলা ঘৰ (Bhogali Bihu) জ্বলোৱাৰ পৰা বিৰত থাকিল ককাইতোলা গাঁৱৰ ৰাইজ। ভেল ঘৰ জ্বলাই দিয়াৰ পৰিবৰ্তে সংৰক্ষণ কৰি ৰাখিল।

যি সময়ত ৰাজ্যবাসীয়ে ভোগৰ উৎসৱ ভোগলীৰ আনন্দত ডুব গৈ আছিল সেই সময়তে প্ৰকৃতি প্ৰেমৰ এক নিদৰ্শন দাঙি ধৰিলে দৰং জিলাৰ ছিপাঝাৰৰ ককাইতোলাবাসীয়ে। উৰুকাৰ নিশাৰ সাজ খাই অসমীয়াই যি সময়ত মেজি আৰু ভেলা ঘৰত অগ্নি সংযোগ কৰি পৰম্পৰা ৰক্ষা কৰি আছিল সেই সময়তে পৰম্পৰা ৰক্ষাৰ পৰা বিৰত থাকিল ককাইতোলাবাসী।

একমাত্ৰ প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰাৰ বাবে পৰম্পৰা ৰক্ষাৰ পৰা বিৰত থাকিল ছিপাঝাৰৰ ককাইতোলাবাসী। আচলতে উৰুকাৰ নিশাৰ সাজ খাই মেজি আৰু ভেলা ঘৰত অগ্নি সংযোগ কৰি পৰম্পৰা ৰক্ষাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল ককাইতোলাবাসী ৰাইজে। কিন্তু উৰুকাৰ নিশাৰ সাজ খাবলৈ নিৰ্মাণ কৰা ভেলা ঘৰত কেইদিনমান পুর্বে আশ্ৰয় লৈছিল এহাল কপৌ চৰাই।

কপৌ চৰাই হলে ভেলা ঘৰ আশ্ৰয় লোৱাই নহয় কণীও পাৰিছিল। ফলত উৰুকাৰ নিশা ককাইতোলাবাসীয়ে তৃপ্তিৰে এসাজ খালে যদিও ভেলা ঘৰ নজ্বলালে। ভেলা ঘৰটো জ্বলোৱাৰ পৰিবৰ্তে সংৰক্ষণ কৰি ৰাখিলে গাঁওখনৰ ৰাইজে। কপৌ চৰাই হলে পোৱালি নজগোৱা পৰ্যন্ত ভেলা ঘৰটো সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে গাঁওখনৰ ৰাইজে।