মাজুলী : মাজুলীৰ এজন যুৱক সন্ধানহীন (Youth Missing)। যোৱা ১২ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে মাজুলীৰ টাটায়াগাঁৱৰ এজন যুৱক। ১২ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা ৰাহুল ওঝাৰ পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ। স্কুটি লৈ ওলাই গৈছিল ১২ জানুৱাৰীৰ সন্ধিয়া।

মাজুলীৰ টাটায়াগাঁৱৰ ৰাহুল ওঝা নামৰ এজন ২৯ বছৰীয়া যুৱক যোৱা ১২ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে। যুৱকজনৰ পৰিয়ালৰ লোকে সকলোতে যুৱকজনৰ বিচাৰ খোজ কৰিও যুৱকজনৰ কোন ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম নোহোৱাত ভাঙি পৰিছে। পৰিয়ালটোৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

যুৱকজনৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে যুৱকজন যোৰহাটৰ নাবৰা চিকিৎসালয়ত কৰ্মৰত। ১২ জানুৱাৰীৰ সন্ধিয়াৰ ভাগৰ পৰাই যুৱকজন নাবৰা চিকিৎসালয়ৰ পৰা ওলাই গৈছিল আৰু তেতিয়াৰে পৰা যুৱকজনৰ কোনো সন্ধান নাই। যুৱকজন এএছ-০৩-জেড-০২৯৯ নম্বৰৰ ৰঙা ৰঙৰ স্কুটি লৈ ওলাই গৈছিল বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

১২ জানুৱাৰীৰ নিশা ৮ বজাত যুৱকজনৰ মোবাইল ফোন অফ হৈছিল আৰু বৰ্তমানলৈকে অফ হৈ আছে। স্কুটি লৈ ওলাই যোৱা ৰাহুল ওঝাৰ লগতে স্কুটিখনৰো কোনো সন্ধান নাই। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে। কোনো লোকে যুৱকজনক দেখা পালে ৯৮৬৪৯৫৯২৬৭, ৭৬৩৬৮৫৪৭৭২ আৰু ৬৯১৩৬০৯০৪০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।