কলগাছিয়া, ১৫ জুলাইঃ বৰপেটাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত বানপানী কমিছে যদিও খাৰবাল্লীত বেঁকী নৈৰ সুতিৰ মাজত গড়কাপ্তানী বিভাগৰ নিৰ্মীয়মান অসম্পূৰ্ণ পথৰ বাবেই আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া। বেঁকী নদীৰ বানপানীয়ে বৃহত্তৰ অঞ্চলটোৰ শতাধিক গাঁৱৰ শস্য ভূমিৰ লগতে ঘৰ দুৱাৰৰ ব্যাপক ক্ষতি সাধন কৰিছে যদিও এতিয়ালৈ চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। বানপানী কমি অহাৰ লগে লগে বেঁকী নৈৰ পৰা ওলাই অহা এটা সুতিত ব্যাপক গৰাখহনীয়া আৰম্ভ হৈ খাৰবাল্লীৰ ১০ টাকৈ  পৰিয়ালৰ ঘৰ উচন হোৱাৰ উপৰি আন ১০ টা পৰিয়াললৈ খহনীয়াই ভাবুকি সৃষ্টি কৰিছে৷ গৰাখহনীয়াৰ ভয়ত আতংকিত গঞাই নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। এই লোকসকলৰ অন্য ঠাইত মাটি নথকাত সম্প্ৰতি পথৰ ওপৰতে আশ্ৰয় ল’বলগীয়া হৈছে। উল্লেখ্য যে খহনীয়াই তাণ্ডৱ চলোৱা উক্ত সুতিৰ মাজেৰে কিছুদিন পূৰ্বে গড়কাপ্তানী বিভাগে অদূৰদৰ্শীভাবে পথ নিৰ্মাণ কৰাত খহনীয়াৰ সৃষ্টি হৈছে বুলি  স্থানীয় লোকে দাবী কৰিছে। খহনীয়াগ্ৰস্ত লোকসকলক অতি শীঘ্ৰে সাহাৰ্য্য আৰু পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ বানাক্ৰান্তই দাবী জনাইছে।