বৰপেটা, ৭ অক্টোবৰঃ কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি অখিল গগৈৰ আপোচহীন প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিক ধ্বংস কৰিবলৈ উঠি পৰি লগাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তেই কালি বৰপেটা সদৰ থানাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন কৰ্মীক হত্যাৰ ভাবুকিৰে আৰক্ষী বিষয়া এজনে মাৰপিট কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰি দোষী বিষয়াজনৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। ঘটনা বিৱৰণী মতে, যোৱাকালি পুৱা প্ৰায় ১০.২০ত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ মূল গেটৰ সন্মুখত অস্বাভাৱিক ভাবে নৱজাতকৰ মৃত্যুৰ প্ৰতিবাদত চলি থকা সময়তে প্ৰতিবাদস্থলীৰ কাষতে থকা ই ৰিক্সা সমূহক পুলিচে যধে মধে কোবাই থকা দেখি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লাচাংগা গলীয়া আঞ্চলিক সমিতিৰ সম্পাদক বাবুল হুছেইনে প্ৰতিবাদ কৰাত পুলিচে লাঠি চালনা বন্ধ কৰে। বাবুল হুছেইনে সেই স্থানৰ পৰা আঁতৰি আহি থাকোতে সহকাৰী উপ আৰক্ষী পৰিদৰ্শক নৱজিৎ ডেকাই হুছেইনক অকথ্য আৰু অশ্লীল ভাষাৰে গালি গালাজ কৰি বৰপেটা সদৰ থানলৈ আটক কৰি আনে। থানাত হুছেইনৰ মোবাইল বলপূৰ্বক ভাবে কাঢ়ি নিৰ্মম অত্যাচাৰ চলায়। আৰক্ষীৰ অত্যাচাৰত হুছেইন গুৰুতৰভাবে আঘাট প্ৰাপ্ত হয়। পিছত বৰপেটা জিলা কৃষক মুক্তিৰ সাধাৰণ সম্পাদককে নিজ জিন্মাত হুছেইনক আৰক্ষীৰ পৰা নিজৰ জিম্মাত লৈ যায়। বিয়লি বৰপেটা সদৰ আৰক্ষী থানাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম আৰু ছাত্ৰ নেতা আশ্ৰাফুল হুচেইনৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে এফএএমচি আৰক্ষী চকীত সদৰ আৰক্ষীৰ ভাৰপ্রাপ্ত বিষয়া বিনয় কলিতাৰ লগত আলোচনাত মিলিত হৈ অভিযোগ দাখিল কৰে। নিশাতে মেডিকেল কলেজত হুছেইনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৪৮ ঘণ্টাৰ ভিতৰত ইতিবাচক সঁহাৰি নাপালে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।