মালিগাঁও, ৮ অক্টোবৰঃ মালিগাঁও চাটালগেটত গৌশালাৰ ৰেলৱেৰ কৰ্মচাৰী অশোক দাসৰ ঘৰত আৰক্ষীয়ে তালাচী অভিযান চলাই বহু লক্ষাধিক টকাৰ লগতে চেকবুক উদ্ধাৰ কৰিছে। মালিগাঁও চাটালগেটত গৌশালাৰ ৰেলৱে ২৯৪-এ কোৱাৰ্টাৰত আৰক্ষীয়ে তালাচী অভিযান চলাই টকাখিনি উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে, অশোক দাসে দীৰ্ঘদিন ধৰি অবৈধ ভাৱে সুতৰ বৃহৎ ব্যৱসায়ী চলাই আহিছিল। আৰক্ষীয়ে অশোকৰ ঘৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ৫০০ আৰু ২০০০ টকীয়া নোটসহ প্ৰায় ৯৩ লাখ ৬হাজাৰ টকা আৰু বহু হাজাৰ টকাৰ চেকবুক উদ্ধাৰ কৰে। গৌশালা আৰক্ষীৰ অশোকৰ ভাতৃ তথা সহযোগী জয়ন্ত কুমাৰ দাসক আটক কৰিছে। আনহাতে অশোক দাসসহ ব্যৱসায়ত জড়িত আন কেইবাজনো ৰেলৱে কৰ্মচাৰী বৰ্তমান পলাতক হৈ আছে।চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা অবৈধ ভাৱে ৫ টকা হাৰত সুতৰ ব্যৱসায় চলাই আহিছিল।