গুৱাহাটী : মঙলবাৰে ঘোষণা কৰা হয় হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাত ঘোষণা কৰা হয় পৰীক্ষাৰ ফলাফল। এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থনা দখল কৰিছে লখিমপুৰ জিলাৰ ৰক্তোৎপল শইকীয়াই। দ্বিতীয় স্থান দখল কৰিছে নলবাৰীৰ ভূয়াসী মেধি। তৃতীয় স্থান দখল কৰিছে ক্ৰমে পশ্চিম কাৰ্বি আংলং জিলাৰ মৃদুপৱন কলিতা, ডিব্ৰুগড়ৰ লাবীব মুজিব আৰু লখিমপুৰৰ পাৰ্থ প্ৰতিমা দাস।

চতুৰ্থ স্থানত আছে ক্ৰমে বৰপেটাৰ স্বপ্নৰাজ কলিতা, গোলাঘাটৰ স্নেহা শইকীয়া আৰু যোৰহাটৰ সমাদৃতা শৰ্মা। পঞ্চম স্থান দখল কৰিছে যোৰহাটৰ শ্বাহনাজ অঞ্জুম য়াচমিন আৰু লখিমপুৰৰ ইকুইট এবট দত্ত। ষষ্ঠ স্থানত আছে গোৱালপাৰাৰ বিতোপন মেধি আৰু নলবাৰীৰ মূৰ্চনা বৰ্মন। সপ্তম স্থান দখল কৰিছে বৰপেটাৰ জ্যোতিপল তালুকদাৰ, লখিমপুৰৰ শৰ্মিষ্ঠা ভাগৱতী, শিৱসাগৰৰ প্ৰিয়ানুজ বৰদলৈ, শিৱসাগৰ দ্বীপশিখা বৰুৱা, কামৰূপ মহানগৰৰ অশ্লেশা শৰ্মা আৰু কামৰূপ মহানগৰ জিলাৰে নিশা শৰ্মা।

অষ্টম স্থান দখল কৰিছে বৰপেটাৰ হৰ্ষিত বৰ্মন, যোৰহাটৰ অলিভিয়া বৰা, নগাঁৱৰ ৰাজনন্দিনী বৈদ্য, নগাঁৱৰ তেজাল আগৰৱাল, নগাঁৱৰ উদেষ্ণা বৰদলৈ আৰু শোণিতপুৰৰ নেহা উপাধ্যায়। নৱম স্থানত আছে ক্ৰমে ডিব্ৰুগড়ৰ ধৃতিষ্মান দত্ত, দৰংৰ আকাশ দ্বীপ ভূঞা, কামৰূপৰ তবিবুল হক, লখিমপুৰৰ পাৰ্থ প্ৰতিম বৰা, মৰিগাঁৱৰ বিদিশা নাথ, নগাঁৱৰ সৃষ্টি নন্দা কাশ্যপ, শিৱসাগৰৰ জ্যোতিময় দত্ত আৰু কামৰূপ মহানগৰৰ অনাসূয়া ঠাকুৰীয়া।

দশম স্থান দখল কৰিছে বৰপেটাৰ আলমিনা খাতুন, বঙাইগাঁৱৰ অনুভৱ কপিল, কাছাৰৰ বিশ্বদ্বীপ নাথ, ডিব্ৰুগড়ৰ অনন্যা ভৰদ্বাজ, ডিব্ৰুগড়ৰ অনিকংকণা গগৈ, লখিমপুৰৰ অয়ন মিত্ৰ আৰু মৰিগাঁৱৰ কৌস্তুভ জ্যোতি নাথ। এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৪,০৫,৫৮২ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ১,৮৮,৫৭০ গৰাকী ছাত্ৰ আৰু ২,১৭,০১২ গৰাকী ছাত্ৰী। প্ৰথম বিভাগত ৬৫,১৭৬ গৰাকী দ্বিতীয় বিভাগত ৯৯,৮৫৪ গৰাকী আৰু তৃতীয় বিভাগত ৬৪,১০১গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।