জোনমণি বেগম

বিশ্বনাথ : ৰাজ মিস্ত্ৰীৰ কাম কৰি বিশ্বনাথৰ এজন যুৱক উত্তীৰ্ণ হ’ল প্ৰথম বিভাগত। দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ইয়াক পুণৰবাৰ প্ৰমান কৰিলে বিশ্বনাথৰ এজন ছাত্ৰই। ছাত্ৰ গৰাকীয়ে এমুঠি ভাতৰ বাবে নিজে ৰাজ মিস্ত্ৰীৰ কাম কৰি এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে।

ছফিকুল ইছলাম নামৰ ছাত্ৰজনে ৰাজ মিস্ত্ৰীৰ কাম কৰি এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বিশ্বনাথ ঘাটৰ ছোৱাগুৰিৰ ছফিকুল ইছলাম সৰুতেই হেৰুৱাইছিল পিতৃক। পিতৃৰ বিয়োগৰ পিছত মাতৃৰ লগত আইতাকৰ ঘৰত থাকিবলৈ লয় ছফিকুল ইছলাম। ছফিকুল ইছলামৰ মাতৃয়ে বিদ্যালয়ত ৰান্ধনীৰ কাম কৰি পঢ়াৰ প্ৰতি আগ্ৰহী পুত্ৰ ছফিকুল ইছলামক অশেষ কষ্টৰে পঢ়াইছিল। মাতৃয়ে ৰান্ধনীৰ কাম কৰি পোৱা ধনৰে পৰিয়াল চলাবলৈ নোৱাৰা হোৱাত ছফিকুল ইছলাম নিজে ৰাজ মিস্ত্ৰীৰ কাম কৰি ঘৰ চলাবলগীয়া হৈছিল।

ইয়াৰ সমান্তৰালকৈ নিয়মিতভাৱে অধ্যয়ন কৰি গৈছিল ছফিকুল ইছলাম। অৱশেষত কষ্টৰ ফল পালে ছফিকুল ইছলামে। মঙলবাৰে ঘোষণা কৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথৰ ফখৰুদ্দিন আলী আহমেদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছফিকুল ইছলামে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত আনন্দত আত্মহাৰা হৈ পৰিছে ছফিকুল ইছলামৰ লগতে মাতৃ। দৰিদ্ৰ ছাত্ৰ গৰাকীৰ এই সাফল্যত আনন্দিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলো।