সংবাদ ৩৬৫ ডেস্ক, ৫ অক্টোবৰঃ আজি লক্ষ্মী পূজা৷ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্রান্তে প্রান্তে আয়োজন কৰা হৈছে দেৱী মহালক্ষ্মীৰৰ পূজা অৰ্চনা। মন্দিৰ, দেৱালয়ৰ লগতে মানুহৰ ঘৰে ঘৰে আয়োজন কৰা হৈছে দেৱী মহালক্ষ্মীৰৰ পূজা অৰ্চনা৷ ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীক আদৰিবলৈ ৰাজ্যৰ লগতে যোৰহাটবাসীও সাজু হৈছে। যোৰহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ভক্তগণৰ ঘৰতো চলিছে লক্ষ্মী পূজাৰ ব্যাপক আয়োজন। পূজাৰ মণ্ডপত বজাৰৰ পৰা অনা বুট, কল, মগু আদি ফলাহাৰৰ লগতে বিভিন্ন ধৰণৰ মিঠাই সজোৱাত ব্যস্ত হৈছে ভক্তগণ৷ সন্ধিয়াৰ পৰা  লক্ষ্মী পূজা আৰম্ভ কৰা হ’ব যদিও ঠাই বিশেষে দিনজোৰা কাৰ্য্যসূচীৰে পূজাৰ আয়োজন কৰা হৈছে। কোনো কোনো স্থানত পূজাস্থলীত নাগাৰা নাম, আয়তীৰ নাম, ওজাপালি আদি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।