বৰপেটা, ৫ অক্টোবৰঃ বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ৩০ঘন্টাৰ ভিতৰত ৮টাকৈ শিশুৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত বুধবাৰে নিশা ৬টা শিশুৰ মৃত্যু হোৱাৰ পিছতে বৃহস্পতিবাৰে পুৱা এটা আৰু বিয়লি আন এটা শিশুৰ মৃত্যু হয়৷ চৰকাৰী চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ দিলীপ কুমাৰ দত্তই চিকিৎসালয়ত ৮ টাকৈ নৱজাতকৰ মৃত্যু হোৱা কথা উল্লেখ কৰাৰ পিছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মেডিকেল কৰ্তৃপক্ষই চিকিৎসালয়লৈ সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে অহা বাবে নৱজাতক কেইটাৰ মৃত্যু হোৱা বুলি কয় যদিও স্থানীয় লোকে চিকিৎসালয়ৰ গাফিলতিৰ বাবে কেঁচুৱা কেইটাৰ মৃত্যু হোৱাৰ অভিযোগ কৰে৷ উল্লেখ্য যে, বৰপেটা মেডিকেল কলেজৰ চিকিৎসক নাৰ্ছ আৰু চিকিৎসা কৰ্মীৰ বিৰুদ্ধে বিভিন্ন সময়ত গাফিলতিৰ অভিযোগ উত্থাপন হৈছে৷ চিকিৎসালয়খনত প্ৰসূতিৰ চিকিৎসাৰ নামত চিকিৎসকৰ অবৈধ ধন সংগ্ৰহ, দিনতে চিকিৎসালয়ত তলাবন্ধ, চিকিৎসক তথা নাৰ্ছ, স্বাস্থ্য কৰ্মীৰ অনুপস্থিতিত চিকিৎসালয়ৰ চৌহদত প্ৰসূতিৰ সন্তান জন্ম, বিদ্যুৎ কৰ্তনৰ সময়ত জেনেৰেটৰ চলোৱাৰ পৰিবৰ্ত্তে ফলত উৎকট গৰমত প্ৰসূতি, ৰোগীক ঘন্টাৰ পিছত ঘন্টা ৰখা আদি বিভিন্ন অভিযোগ উত্থাপন হৈছে৷ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষই চিকিৎসালয়ত সংঘটিত দুৰ্নীতিৰ ক্ষেত্ৰত নিৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে৷ চিকিৎসালয়খনত সংঘটিত বিয়াগোম দুৰ্নীতিৰ পিছত শেষতীয়াকৈ ৩০ঘন্টাৰ ভিতৰত ৮টাকৈ শিশুৰ মৃত্যু হোৱা ঘটনাই চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ ভূমিকাক লৈ সকলোকে সন্দিহান কৰি তুলিছে৷