গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুলাই : দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভুমিস্খলন । ৰাণী-গড়চুক সংযোগী কইনাধৰা পথত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন । পাহাৰৰ মাটি খহি পৰিল দুটা পৰিয়ালৰ বাসগৃহত । কথমপি প্ৰান ৰক্ষা পৰিল ৫জনকৈ লোকৰ । আহত হ’ল ১জন যুৱক ।

যোৱা ৩দিন ধৰি আহি থকা নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন । আজি পুৱাৰ ভাগত পাহাৰৰ কিছু মাটি খহি আহে তাৰপিছতে হঠাৎ এটি বৃহৎ অংশ খহি পৰে এই পৰিয়ালৰ বাসগৃহত । পৰিয়ালৰ লোকে কোনোমতে দৌৰি প্ৰান ৰক্ষা কৰে যদিও পৰিয়ালৰ এজন লোক আঘাটপ্ৰাপ্ত হয় ।

এই ভুমিস্খলনে নিমিখতে দুটাকৈ পৰিয়ালৰ বাসগৃহ আৱৰি ৰাখে । এই বাসগৃহতে আছিল ২ খনকৈ বাহনৰ লগতে ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী নষ্ট হয় ।

এই ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছিল ৰাণী-গড়চুক সংযোগী পথটো । ঘটনাস্থলীত আজাৰা আৰক্ষী,আজাৰা যানবাহন আৰক্ষী,বিদ্যুৎ বিভাগৰ সহযোগত পথচোৱা মুকলি কৰাৰ লগতে বিদ্যুৎৰ সংযোগ আদিও বিচিন্ন কৰে । উল্লেখ্য যে এই অঞ্চলটোত পুনৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে ।