জোনমনি বেগম

বিশ্বনাথ : বিশ্বনাথত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৰেষ্টুৰেণ্টসহ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে।

বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত বিশ্বনাথৰ বি জি ৰোডৰ কলেজ ৰোড তিনিআলিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। কলেজ ৰোড তিনিআলিত থকা এখন ৰেষ্টুৰেণ্টৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত লগে লগে তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়।

অগ্নি নিৰ্বাপন বাহিনীৰ দলে জুই নুমাবলৈ চেষ্টা কৰে যদিও ৰেষ্টুৰেণ্টখনৰ লগতে ইছৰাইল আহমেদ নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কেইবালাখ টকাৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে।