গুৱাহাটী : গুৱাহাটী তথা উত্তৰ – পূবৰ সৰ্ব্ববৃহৎ খাদ্য-সম্বন্ধীয় অনুষ্ঠান গুৱাহাটী ফুডীয়ে ২৫ ডিচেম্বৰত ইয়াৰ জনগোষ্ঠীয় খাদ্য ফটোগ্ৰাফী প্ৰতিযোগিতাৰ (Food Photography) পুৰস্কাৰ প্ৰদান কৰে। গুৱাহাটীৰ হেৰিটেজ খৰিকা ৰেষ্টুৰেণ্টৰ চৌহদত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত তপনজ্যোতি বৰা, শিখা তামুলী আৰু ৰাজশ্ৰী গগৈক বিজয়ীৰ বঁটা প্ৰদান কৰা হয়।

জনপ্ৰিয় অসমীয়া খাদ্য বিশেষজ্ঞ, চেফ অতুল লহকৰ আৰু এফ এম উদ্যোগৰ বিশিষ্ট ব্যক্তিত্ব শুভাংকৰ বৰুৱাই প্ৰতিযোগিতাখনৰ বিজয়ী তিনিগৰাকীক পুৰস্কাৰ প্ৰদান কৰে। বিজয়ী সকলৰ প্ৰতিগৰাকীক, বঁটা হিচাপে এটা ট্ৰফী, এখন প্ৰমাণপত্ৰ, এটি বিশেষ উপহাৰ আৰু খাদ্যৰ ভাউচাৰ প্ৰদান কৰা হয়। ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ জনগোষ্ঠীয় খাদ্যৰ চহকী ঐতিহ্যক আৰু অধিক প্ৰাধান্য প্ৰদান কৰাৰ উদ্দেশ্যেৰে গুৱাহাটী ফুডীয়ে প্ৰতি বছৰে এই প্ৰতিযোগিতা আয়োজন কৰি আহিছে।

প্ৰতিবছৰৰ দৰে এই বছৰো ফটোগ্ৰাফী প্ৰতিযোগিতাৰ বাবে সমগ্ৰ দেশৰ পৰা পাঁচশৰো অধিক লোকে নিজৰ নাম অন্তৰ্ভূক্ত কৰিছিল, যাৰ মাজৰ পৰা তিনিজনক বিজয়ী হিচাপে নিৰ্বাচিত কৰা হৈছে। খাদ্য আৰু ফটোগ্ৰাফী জগতৰ বিশিষ্ট তথা জনপ্ৰিয় ব্যক্তিসকলেৰে গঠিত পেনেলে বিজয়ীসকলক নিৰ্বাচিত কৰি উলিয়ায়। গুৱাহাটী ফুডীৰ স্বত্বাধিকাৰী ছিছিৰ কুমাৰে প্ৰতিযোগিতা সন্দৰ্ভত কয়, ‘এই প্ৰতিযোগিতাখন অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চহকী খাদ্যসম্ভাৰ সমূহৰ সোৱাদ সংৰক্ষণৰ লগতে প্ৰচাৰৰ অৰ্থে আমি কৰা এটা বিনম্ৰ প্ৰয়াস। খাদ্যৰসীক লোকসকলক নতুন নতুন খাদ্য সম্ভাৰৰ জুতি ল’বলৈ সুযোগ প্ৰদান কৰা আৰু ছ’চিয়েল মিডিয়াত জনগোষ্ঠীয় খাদ্যসম্ভাৰ সমূহ প্ৰদৰ্শন কৰি এই ধাৰাটো আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ স্বাৰ্থত আমি প্ৰতি বছৰে এই প্ৰতিযোগিতাখন আয়োজন কৰোঁ। ইয়াৰ দ্বাৰা সকলোৰে বিভিন্ন জনগোষ্ঠীয় খাদ্যৰ প্ৰতি সজাগতাৰ লগতে অনুসন্ধিৎসুতাও জাগে।”

বিশ্ব পৰ্যটন দিৱস আৰু বিশ্ব খাদ্য দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে গুৱাহাটী ফুডীয়ে এই বাৰ্ষিক খাদ্য প্ৰতিযোগিতাৰ আয়োজন কৰে। ২৭ ছেপ্টেম্বৰত নাম প্ৰৱেশৰ বাবে মুকলি হোৱাৰ বিপৰীতে ১৪ অক্টোবৰত এই প্ৰতিযোগিতাৰ  নামভৰ্তি প্ৰক্ৰিয়াৰ অন্ত পৰে। বাৰ্বিকিউ নেচন, ফেট বেলি, মোমো ঘৰ, অৰিয়েণ্টেল বিষ্ট্ৰ’, পুৰবি ডেইৰী, ষ্টাৰলিং ৰিজাৰ্ভ পেকেজড ড্ৰিংকিং ৱাটাৰ, ডিস্কভাৰ ইষ্ট আৰু লাইফছ পাৰ্পলৰ সহযোগত প্ৰতিযোগিতাৰ এই বছৰৰ সংস্কৰণটো অনুস্থিত হয়। চেফ অতুল লহকৰে উল্লেখ কৰে যে, ‘বিজয়ী প্ৰতিযোগী সকলৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে মই অভিনন্দন জনাব বিচাৰিছো। জনগোষ্ঠীয় খাদ্য সম্ভাৰ আৰু ইয়াৰ উপস্থাপনৰ বিষয়ে থকা যুৱচামৰ জ্ঞান ভাণ্ডাৰে মোক অতিশয় আপ্লুত আৰু উৎসাহিত কৰি তুলিছে।”

শুভাংকৰ বৰুৱাই নিজৰ বক্তব্য ৰাখি কয়, “খাদ্যত ব্যৱহাৰ হোৱা উপাদান আৰু ৰেচিপি যিকোনো সম্প্ৰদায় বা অঞ্চলৰ সংস্কৃতিৰ আৰু ইয়াৰ খাদ্য সম্ভাৰৰ অবিচ্ছেদ্য অংগ আৰু গুৱাহাটী ফুডী আৰু ইয়াৰ প্ৰায় ১৩০০০ সদস্যই আমাৰ চহকী ঐতিহ্যৰ সেই ঐতিহ্য বজাই ৰখাৰ দিশত যথেষ্ঠ অৱদান আগবঢ়াই আহিছে।”