গুৱাহাটী

২৭ ফেব্ৰুৱাৰী

লিংকডইন লোকেল গুৱাহাটীয়ে ১০ এপ্ৰিলত ইয়াৰ ৪ৰ্থ সংস্কৰণটো তেজপুৰত আয়োজন কৰিবলৈ সাজু হৈছে। এই অনুষ্ঠানটো অসম তথা ইয়াৰ চাৰিওফালৰ ৰাজ্যসমূহত মুখামুখিভাৱে পেছাদাৰী সংযোগ বৃদ্ধি কৰাৰ বাবে আয়োজন কৰা হয়। অনুষ্ঠানটোৱে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ লিংকডইন পেছাদাৰীসকলৰ মাজত সংযোগ উন্নতিসাধন কৰাত গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানটোৰ ৪ৰ্থ সংস্কৰণত “উত্তৰ-পূবৰ ব্যৱসায় আৰু ষ্টাৰ্টআপৰ সমস্যা আৰু সম্ভাৱনা” বিষয়টোৰ আলোকপাত কৰা হ’ব।

এই উপলক্ষে চহৰৰ মূখ্য আয়োজক চৈয়দ মহচিন ৰাজাই কয়, “আমি গুৱাহাটীৰ পৰিৱৰ্তে অন্য স্থানত অনুষ্ঠানটো আয়োজন কৰি আনন্দিত। মই নিশ্চিত যে সকলোৱে আমাৰ এই প্ৰচেষ্টাক আকোৱালি ল’ব আৰু অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব।” অনুষ্ঠানটোৰ সহ-আয়োজিকা ৰাজশ্ৰী গোস্বামীয়ে লগতে কয়, “মই গুৱাহাটীত লিংকডইন লোকেলৰ আগৰ দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছো আৰু ই মোক বিভিন্ন পেছাত জড়িত ব্যক্তিসকলৰ লগত সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰিছে যিয়ে মোক মোৰ ব্যৱসায় বিকাশটো সহায় কৰিছে। মই নিশ্চিত যে এই অনুষ্ঠনে তেজপুৰৰ জনসাধাৰণকো সহায় কৰিব। আমি সুখী যে তেজপুৰ বাজ আৰু তেজপুৰ অনলাইনে অনুষ্ঠানটো তথা এই প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ আমাৰ সৈতে যোগদান কৰিছে।”

লিংকডইন লোকেল গুৱাহাটীৰ জনসংযোগৰ অংশীদাৰ শুভাঙ্কৰ বেনাৰ্জীয়ে কয়, “মোৰ সংস্থা চেভেন চেঞ্চ কমিউনিকেচন ২০১৯ চনৰ পৰা লিংকডইন লোকেল গুৱাহাটীৰ সৈতে জড়িত হৈ আছে, মই সঁচাকৈয়ে উৎসাহিত যে এই বছৰ আমি এক নতুন স্থানত অনুষ্ঠানটো আয়োজন কৰিবলৈ আগবাঢ়িছো আৰু তেজপুৰে চহৰখনৰ ইয়াৰ প্ৰথম কৰ্পোৰেট নেটৱৰ্কিং অনুষ্ঠানৰ সাক্ষী হ’ব। ই সঁচাকৈয়ে ব্যক্তিসকলক তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰাত অৰিহণা যোগাব”। এই অনুষ্ঠানত পূৰ্বত ৩ টা সংস্কৰণত প্ৰায় ১৫০ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানৰ টিকটসমূহ অফিচিয়েল ৱেবছাইটত উপলব্ধ https://www.linkedinlocalguwahati.com/