জোনমণি বেগম
বিশ্বনাথ : আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিশ্বনাথ নগৰত বৰ্ণিল শোভাযাত্ৰা। শনিবাৰে পুৱাৰ ভাগত আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিশ্বনাথ নগৰস্থিত লিটিল ষ্টাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে বিশ্বনাথ নগৰত এক বৰ্ণিল শোভাযাত্ৰা উলিয়াই।

স্বাধীনতাৰ ৭৫ বছৰ পুৰ্তি তথা আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে “ঘৰে ঘৰে ত্ৰিৰংগা” কাৰ্যসূচী সফল ৰূপায়ন কৰাৰ উদ্দেশ্যে এতিয়া ৰাজ্যৰ চাৰিওফালে সজাগতা অনুষ্ঠান দেখা পোৱা গৈছে। ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে প্ৰতি ঘৰতে ত্ৰিৰংগা পতাকা উৰুৱাবলৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।

ৰাজ্যৰ অন্যান্য জিলা সমূহৰ লগতে বিশ্বনাথ জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে ৰাইজত মাজত সজাগতা চলাই থকা পৰিলক্ষিত হৈছে। জিলা প্ৰশাসনৰ লগতে জিলাখনৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান সমূহেও “ঘৰে ঘৰে ত্ৰিৰংগা” কাৰ্যসূচী সফল কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। শনিবাৰে পুৱাৰ ভাগত লিটিল ষ্টাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে এক শোভাযাত্ৰা উলিয়াই।

আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিশ্বনাথৰ লিটিল ষ্টাৰ স্কুল কতৃপক্ষই বিশ্বনাথৰ ৰাজপথত এক বৰ্ণিল শোভাযাত্ৰা উলিয়াই। লিটিল ষ্টাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে ভাৰত মাতা কি জয় ধ্বনিৰে বিশ্বনাথৰ।আকাশ বতাহ মুখৰিত কৰি তোলে। এই বৰ্ণিল শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰী সকলে মহাত্মা গান্ধী, মূলাগাভৰু তথা দেশৰ মহান ব্যক্তি সকলৰ ভাও লৈ অংশগ্ৰহণ কৰে।