গুৱাহাটী : বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত (Borjhar Airport), যাত্ৰীসকলৰ লগতে তেওঁলোকৰ বয়বস্তুৰ সুৰক্ষা আৰু নিৰাপত্তাক মুখ্য দায়িত্ব হিচাপে গ্ৰহণ কৰা হয়। সেই অনুসৰি, যাত্ৰীসকলে প্ৰায়ে বিমানকোঠত এৰি থৈ যোৱা বা হেৰোৱা সামগ্ৰীসমূহ নিৰাপদে ঘূৰাই পাবলৈ বিমানকোঠে কেতবোৰ সজাগতা নীতিৰ প্ৰস্তুত কৰিছে।

সেইসমূহ ক্ৰমে, সৰ্বপ্ৰথমে হেৰোৱা সামগ্ৰীৰ বিষয়ে বিমানকোঠত থকা ‘মে আই হেল্প ইউ’ বিভাগত মুকলিকৈ জনাওঁক। যদি দলীয়ভাৱে যাত্ৰাৰ বাবে বিমানকোঠলৈ আহে, তেন্তে এজনে আনজনৰ বয়-বস্তুৰ প্ৰতিও চকু ৰাখিব। উল্লেখযোগ্য যে, দিনত অতিকমেও বেছি বস্তু উদ্ধাৰ কৰা স্থানেই হৈছে বাথৰুম। গতিকে বাথৰুমৰ পৰা ওলায় অহাৰ সময়ত নিজ বস্তুৰ প্ৰতি নজৰ ৰাখক। যাত্ৰা বাবে আহিলে সদায় নিজৰ বেগত নাম-ঠিকনা আৰু যোগাযোগৰ নম্বৰসহ লেবেল লগাই আহিব।

তেতিয়া হেৰোৱা বস্তু কম সময়তে ঘূৰাই পোৱাৰ সম্ভৱনা থাকে। যি বস্তু হেৰাই সেইটোৰ ব্ৰেণ্ডৰ নাম, ৰং, আকাৰ ইত্যাদিৰ সঠিক বিৱৰণ দিব। যাত্ৰা কৰিবলৈ আহোতে সদায় গুৰুত্বপূৰ্ণ নথী-পত্ৰ সমূহৰ জেৰক্সকপি লৈ আনিব। তাৰোপৰি বিমানকোঠৰ প্ৰৱেশপত্ৰ বা বৰ্ডিং পাচখনৰ প্ৰিন্ট কপিৰ লগতে ডিজিটেল কপিও লগত লৈ আহিব।

দিনৰ ৯.৩০ ৰ পৰা সন্ধ্যা ৫.৩০ লৈ, যিকোনো সময়তে হোৰোৱা বয়-বস্তু ঘূৰাই পোৱাৰ বাবে আবেদন পত্ৰ দিব লাগিব। মেইলযোগেও ২৪ ঘন্টা ৭ দিনেই, ‘হেৰোৱা আৰু পোৱা’ বিভাগৰ লোকৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিব। মেইল ঠিকনাটো হৈছে[email protected]
৭০৯৯০৯০১৩৬ -নম্বৰত ফোন কৰিও হেৰোৱা বস্তুৰ বিষয়ে বিষদভাৱে বৰ্ণনা দিব পাৰিব বুলি বিমানকোঠ মুখপাত্ৰই সদৰি কৰে।