গোৱালপাৰা : বিধ্বংসী অগ্নিকাণ্ডত (Fire Incident) সম্পূৰ্ণৰূপে ভস্মীভূত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ বাসগৃহ। চাৰিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত কঁপি উঠে সমগ্ৰ অঞ্চল। লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন।

ৰাজ্যজুৰি ৰাসৰ উখল মাখল পৰিৱেশৰ মাজতে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। গোৱালপাৰা চহৰত বুধবাৰে নিশা প্ৰায় ৮.৪০ বজাত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। গোৱালপাৰা চহৰৰ নয়াপাৰাৰ বাদিয়াৰপাৰাত এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ ঘৰত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডত গোৱালপাৰা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জ্যোতিৰঞ্জন অধিকাৰীৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীজনৰ অসম আৰ্হিৰ বাসগৃহটোত থকা সকলো সম্পত্তি জুইত জাহ যায়। নিমিষতে জুইৰ লেলিহান শিখাই ভয়ংকৰ ৰূপ ধাৰণ কৰাত বাসগৃহটোৰ কোনো এপদ বস্তু ৰক্ষা কৰিব পৰা নগ’ল।

অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীজনৰ চৌহদত থকা আন পৰিয়ালৰ বাসগৃহলৈও জুইৰ লেলিহান শিখা বিয়পি পৰা সেই পৰিয়ালটোৰ বাসগৃহৰো আংশিক ক্ষতি হয়। অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ পিছতে চাৰিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। অঞ্চলটোৰ স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও অগ্নিকাণ্ড ইমানেই ভয়াবহ আছিল যে ৰাইজ থমকি ৰ’ব লগা হয়।

অগ্নিকাণ্ডৰ খবৰ পাই এছ ডি আৰ এফ বাহিনীৰ জোৱানসকলে অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ খবৰ পাই শ শ লোক বাদিয়াৰপাৰাত ভিৰ কৰা পৰিলক্ষিত হয়। আৰক্ষীয়ে ৰাইজৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ৰান্ধনী ঘৰৰ পৰাই জুই সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।