নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ ডিচেম্বৰ : বছৰৰ শেষৰ প্ৰথম দিনটোতে বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য । ১৩.৫০ টকাকৈ বৃদ্ধি পায় প্ৰতিটো চিলিণ্ডাৰৰ মূল্য।

ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ অফিচিয়েল বেৱছাইটৰ তথ্য অনুসৰি, ১ ডিচেম্বৰত দিল্লীত ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৩.৫০ টকাকৈ বৃদ্ধি পাইছে।

দিল্লীত ডিচেম্বৰ মাহত ৰাজসাহায্যবিহীন এলপিজি চিলিণ্ডাৰৰ মূল্য হ’ব ৬৯৫ টকা ।

আই অ চি এল ৱেবছাইটৰ তথ্য অনুসৰি, কলকাতাত সৰ্বাধিক ১৯.৫০ টকা প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাই প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ’ব ৭২৫.৫০ টকা।

চেন্নাইতো প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৮ টকাকৈ বৃদ্ধি পায় হয়গৈ ৭১৪ টকা । পূৰ্বতে আছিল ৬৯৬ টকা ।

ইফালে মুম্বাইত প্ৰতিটো চিলিণ্ডাৰ ১৪ টকাকৈ বৃদ্ধি পাইছে ।পূৰ্বৰ ৬৫১ টকাৰ সলনি এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৬৬৫ টকা।