গুৱাহাটী, ১৮ জুনঃ গ্রামাঞ্চলত বসবাস কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলৰ বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ উজলা যোজনাই দৰিদ্ৰ মহিলাক ৰন্ধন গেছৰ সুবিধা বিনামূলীয়াকৈ লাভ কৰাৰ ব্যৱস্থা কৰি সমাজৰ পিছপৰা শ্রেণীক আগুৱাই নিবলৈ সক্ষম হৈছে৷ মাজুলীৰ ৰাৱনাপাৰাত প্রধানমন্ত্রীৰ উজলা যোজনাৰ মুকলি কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে, মাজুলীৰ ১৬ হাজাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকক এই উজলা আঁচনিৰ দ্বাৰা সামৰি লোৱা হ’ব। দেশৰ বুজন সংখ্যক পৰিয়ালে ৰন্ধা-বঢ়াৰ বাবে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক পৰম্পৰাগত খৰি ইত্যাদি ব্যৱহাৰ কৰি আহিছে। এই ইন্ধনসমূহৰ পৰা অস্বাস্থ্যকৰ ধোঁৱা ইত্যাদি উৎপন্ন হয় আৰু ৰান্ধনি বিশেষকৈ মহিলা আৰু শিশুসকলৰ বিভিন্ন স্বাস্থ্যজনিত ৰােগৰ সৃষ্টি কৰে। সেয়ে এই আঁচনিৰ দ্বাৰা প্রত্যেকটাে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক ৰন্ধন গেছৰ যোগান ধৰি স্বাস্থ্যসন্মত জীৱন-ধাৰাৰে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে। ৰন্ধন গেছ কেৱল অৱস্থাসম্পন্ন লোকৰে অধিকাৰ নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে সবক সাথ সবকা বিকাশ নীতিৰে দেশৰ সকলো শ্রেণীৰ জনসাধাৰণক আগুৱাই নিয়াৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। মাজুলীৰ বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বান, গৰাখহনীয়া, বাট-পথ আৰু দলংসমূহৰ মেৰামতি, নিবনুৱাসকলৰ স্বনিয়োজন, দক্ষতা বৃদ্ধিকে ধৰি সকলো ক্ষেত্ৰতে চৰকাৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব। মাজুলীক ৰাজ্যৰ ভিতৰতে এখন উন্নত জিলা হিচাপে গঢ়ি তোলা হ’ব। জনসাধাৰণক চৰকাৰৰ কাম-কাজৰ ওপৰত চােকা দৃষ্টি ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে ৰাজহুৱা ধন যাতে অপ ব্যৱহাৰ হ’ব নোৱাৰে আৰু ঠিকাদাৰৰ সকলৰ কামৰ মানদণ্ড নিম্নমানৰ হ’ব নোৱাৰে তাৰবাবে সকলো সচেতন হ’ব লাগিব। মুখ্যমন্ত্রী সোণোৱালে লগতে কয় যে প্রধান মন্ত্রী নৰেন্দ্ৰ মোডীৰ সৱল নেতৃত্বত দেশত এতিয়া ক’লা ধনৰ অৱসান ঘটি জনধনৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰেও দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীন যুঁজ আৰম্ভ কৰিছে। লগতে সকলোৰে সম উন্নয়নৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনিও আৰম্ভ কৰিছে।