বাঘবৰ, ১১ আগষ্টঃ বৰপেটাৰ মন্দিয়া আৰক্ষী চকীৰ অধীনস্থ অঞ্চলসমূহ সামৰি মন্দিয়া কেন্দ্ৰীয় শান্তি সমিতি গঠন কৰা হয়৷ এই উদ্দেশ্যে মন্দিয়া আৰক্ষী চকীৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন অগপ নেতা  ৰহম আলী আহমেদে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মব্লিক ব্ৰহ্মই৷ সভাত সৰ্বসন্মতি ক্ৰমে মন্দিয়া কেন্দ্ৰীয় শান্তি সমিতিৰ ১৯জনীয়া সমিতিখন গঠন কৰা হয়৷ ৰহম আলী আহমেদক সভাপতি, ছায়েদুল ইছলাম, দিলিপ কুমাৰ মেধি, আলি আকবৰ আহমেদ, ছবেদ আলী আহমেদ উপ-সভাপতি, মব্লিক ব্ৰহ্ম মূখ্য সাধাৰণ সম্পাদক, আবুল কালাম আজাদ সাধাৰণ সম্পাদক, শ্বহিদুল ইছলাম, চান মামুদ আলীক আহমেদক প্ৰচাৰ সম্পাদক আহমেদ হিচাপে লৈ মূল সমিতিখন গঠন কৰা হয়৷ আগন্তুক সময়ত এই সমিতিৰ জৰিয়তে অঞ্চলটোত শান্তি, সমৃদ্ধি বৰ্তাই ৰখাৰ কাৰণে সকলোৱে সংকল্প গ্ৰহণ কৰে৷