২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত

মানিকপুৰ ২৪ জুনঃ বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা বিল বজাৰত নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। নিশা প্ৰায় ২ বজাত সংঘটিত অগ্নিকাণ্ডত একাবৰ আলীৰ গেলামালৰ দোকান, আবুল কাশেমৰ ফাৰ্মাচী, আব্দুল বাতেনৰ জুৱেলাৰী দোকান আৰু জহুৰ উদ্দিনৰ টেইলৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত এখন মটৰ চাইকেলসহ প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে। ৰমজান মাহত শেষ নিশা চেহেৰী খাবলৈ উঠাত স্থানীয় লোকে জুই জ্বলি থকা প্ৰত্যক্ষ কৰি জুই নিৰ্বাপন কৰাত ওচৰৰ আন দোকান সমূহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।  অগ্নিকাণ্ডৰ সঠিক কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থ দোকানী সকলক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে স্থানীয় লোকৰ লগতে আমছুৰ গোলাপাৰা বাংলাপাৰা আঞ্চলিক সমিতিয়ে।