নিউজ ডেস্ক, ৩০ জুন, ২০২৩ : এতিয়াও অশান্ত মণিপুৰ। গোষ্ঠী সংঘর্ষত জ্বলি আছে মণিপুৰ (Still Manipur Burning)। নিহত শতাধিক লোক। মণিপুৰ এৰি পলায়ন হাজাৰ হাজাৰ লোকৰ। শান্তি স্থাপনত সম্পূৰ্ণ ব্যৰ্থ মণিপুৰৰ বিজেপি চৰকাৰ। মণিপুৰত শান্তি স্থাপনৰ বাবে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন হৈ আছে। অৱশেষত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ সম্ভাৱনা।

হিংসাগ্ৰস্ত মণিপুৰৰ পৰা এক ডাঙৰ খবৰ অহাৰ সম্ভাৱনা আছে। শুকুৰবাৰে (৩০ জুন) দুপৰীয়া ভাগত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙ পদত্যাগ কৰিব পাৰে বুলি খবৰ ওলাই আহিছে। দিনৰ ১ বজাৰ এন বীৰেন সিঙে ৰাজ্যপালক সাক্ষাৎ কৰিব। ৰাজ্যপালক সাক্ষাৎ কৰি এন বীৰেন সিঙে নিজৰ পদত্যাগ পত্ৰ ৰাজ্যপালক অৰ্পণ কৰাৰ সম্ভাৱনা আছে। জানিব পৰা মতে মণিপুৰত শান্তি স্থাপনত ব্যৰ্থ এন বীৰেন সিঙৰ পদত্যাগ আৰু মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী দীর্ঘদিন ধৰি উত্থাপন হৈ আছে।

উল্লেখ্য যে অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰ বিগত প্ৰায় দুমাহ ধৰি জ্বলি আছে। নিয়ন্ত্ৰণহীন হৈ পৰিছে মণিপুৰৰ আইন শৃংখলা পৰিস্থিতি। মণিপুৰ আৰক্ষী আৰু সেনই মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও জ্বলি আছে মণিপুৰ। গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত মৃত্যু হৈছে শতাধিক লোকৰ। হিংসাত্মক ঘটনা নিয়ন্ত্ৰণহীন হৈ পৰাত মণিপুৰ এৰি পলায়ন কৰিছে হাজাৰ হাজাৰ লোকে। ৰাজধানী ইম্ফলকে ধৰি মণিপুৰৰ কেইবাখনো জিলা গোষ্ঠী সংঘৰ্ষত জ্বলি আছেম

মইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে মণিপুৰত আৰম্ভ হৈছিল হিংসাত্মক ঘটনা। মণিপুৰৰ পাহাৰীয়া জিলা ছাত্ৰ সন্থাই মইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি এক ‘জনজাতি সংহতি মাৰ্চ’ অনুষ্ঠিত কৰিছিল। প্ৰথম অৱস্থাত এই মাৰ্চ শান্তিপূৰ্ণ আছিল যদিও পৰৱৰ্তী সময়ত এই মাৰ্চ হিংসাত্মক ৰূপ ধাৰণ কৰে। বহু ঠাইত পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হয়। ইয়াৰ পিছতে মণিপুৰৰ আইন শৃংখলাৰ অৱনতি ঘটে।

মণিপুৰৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজধানী ইম্ফলত দুস্কৃতিকাৰী সকলে শিলা বর্ষণ কৰাৰ লগতে বহু ঘৰত অগ্নি সংযোগ কৰে। ৰাজ্যখনৰ পৰিস্থিতিৰ যাতে অধিক অৱনতি নাও ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰত ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছিল।আনকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দুস্কৃতিকাৰীক দেখা মাত্ৰই গুলীয়াই দিয়াৰ নিৰ্দেশ জাৰি কৰা হৈছে যদিও পৰিস্থিতি উন্নত হোৱা নাই। মণিপুৰ আৰক্ষী আৰু সেনা বাহিনীৰ লোক মণিপুৰৰ আইন শৃংখলা নিয়ন্ত্ৰণলৈ অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই। ইফালে হিংসাৰ জুইত জ্বলি থকাৰ বাবে মণিপুৰৰ পৰা হাজাৰ হাজাৰ লোক পলায়ান কৰিছে। অসমতো বহু মণিপুৰী লোকে আশ্ৰয় লৈছে।