নিউজ ডেস্ক, ২০ জুলাই, ২০২৩ : বিগত দুমাহতকৈ অধিক দিন ধৰি জ্বলি আছে মণিপুৰ। দুই সম্প্ৰদায়ৰ হিংসাই চূড়ান্ত ৰূপ ধৰণ কৰিছে মণিপুৰত। ভূলুণ্ঠিত হৈছে মানৱতা। শেহতীয়াকৈ মণিপুৰত এক জঘন্য আৰু মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে মণিপুৰত। মণিপুৰত দুগৰাকী যুৱতীক উলংগ কৰি নিৰ্যাতন চলোৱাৰ ভিডিঅ’ ভাইৰেল হৈছে (Manipur Viral Video)।

হিংসাগ্ৰস্ত মণিপুৰৰ ভাইৰেল হোৱা ভিডিঅ’ সমগ্ৰ দেশৰ লগতে জোকাৰি গৈছে বিশ্ব। মণিপুৰত সংঘটিত হোৱা এক জঘন্য কাণ্ডৰ এটা ভিডিঅ’ বুধবাৰে চৰ্চালৈ আহে, য’ত ৪ জুলাইত দুগৰাকী মহিলাক উলংগ কৰি পথত পেৰেড কৰি আছে এটা সম্প্ৰদায়ৰ দুষ্কৃতিকাৰীয়ে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মণিপুৰ আৰক্ষীয়ে এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ কথা কৈছে।

মণিপুৰত যি হৈ আছে সেয়া অতিকৈ লজ্জাজনক। দুমাহতকৈও অধিক দিন ধৰি দুই সম্প্ৰদায়ৰ হিংসাত জ্বলি আছে মণিপুৰ। মণিপুৰৰ পৰিস্থিতিৰ ইমানেই অৱনতি ঘটিছে যে ৰাজহুৱাভাৱে নাৰীক উলংগ কৰি যৌন নিৰ্যাতন চলোৱা হৈছে। মণিপুৰৰ হিংসাতম ঘটনাত বর্তমানলৈকে প্ৰায় ১৫০ জন লোকে প্ৰাণ হেৰুৱাইছে, হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। সমগ্ৰ ৰাজ্যখনত বিৰাজ কৰিছে অশান্তি, ইয়াৰ পিছতো এই হিংসা কেতিয়া বন্ধ হ’ব ইয়াৰ উত্তৰ কাৰো হাতত নাই।

মণিপুৰত যি ঘটি আছে তাৰ আঁৰৰ আচল কাৰণ কি? যি হিংসাই হাজাৰ হাজাৰ লোকক ঘৰ এৰি যাবলৈ বাধ্য কৰিছে, শ শ লোকে অস্ত্ৰ লৈ ৰাজপথত দৌৰি থকা দেখা গৈছে। কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত এই বিবাদ কিয় ইমান ভয়াবহ ৰূপ ধাৰণ কৰিছে ইয়াৰ পিছত আছে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ। মণিপুৰ সম্পূৰ্ণ পাহাৰীয়া অঞ্চল, ইয়াত মূলতঃ তিনিটা জনগোষ্ঠীৰ লোক বাস কৰে, ইয়াৰ ভিতৰত মেইটেই, নগা আৰু কুকি সম্প্ৰদায়ৰ লোকো আছে। তাৰ ভিতৰত মাইটেই হৈছে সৰ্ববৃহৎ সম্প্ৰদায়। মণিপুৰত মেইটেই সকলকৰ জনসংখ্যাৰ প্ৰায় ৬০ শতাংশ।

মেইটেই সকলৰ হাতত আছে মাত্ৰ ১০ শতাংশ মাটি। আনহাতে, নগা আৰু কুকি জনগোষ্ঠীৰ মানুহৰ কথা ক’লে তেওঁলোকৰ জনসংখ্যা ৪০ শতাংশ, কিন্তু ৰাজ্যখনৰ ৯০ শতাংশ পাহাৰীয়া অঞ্চল তেওঁলোকৰ লগত আহে৷ সংৰক্ষণৰ পৰা আৰম্ভ হৈছে মণিপুৰত বিবাদ। পাহাৰৰ ৩০ টাতকৈও অধিক সৰু-ডাঙৰ জনগোষ্ঠীয়ে এছ টিৰ মৰ্যাদা লাভ কৰিছে, তেওঁলোকে বহু সুবিধা পাইছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মেইটেই জনগোষ্ঠীয়ে নিজৰ বাবে এছ টি মৰ্যাদা বিচাৰিছিল যাতে তেওঁলোকেও কিছু সুবিধা আৰু নিৰাপত্তা লাভ কৰিব পাৰে।

এয়াই মাইটেই আৰু নগা-কুকী সম্প্ৰদায়ৰ বিবাদ, কাৰণ পাহাৰীয়া অঞ্চলৰ মানুহে অনুভৱ কৰে যে যদি মাইটেইয়ে এছ টিৰ মৰ্যাদা পায়, তেন্তে পাহাৰীয়া অঞ্চললৈ আহি নিজৰ অধিকাৰ ল’ব। দীৰ্ঘদিন ধৰি মাইটেই জনগোষ্ঠীয়ে এছ টি মৰ্যাদা বিচাৰিছিল, ইফালে উচ্চ ন্যায়ালয়ে এটা সিদ্ধান্তত মাইটেই জনগোষ্ঠীক এছ টি মৰ্যাদা দিয়াৰ কথা বিবেচনা কৰিবলৈ কৈছিল। যোৱা ৩ মে’ত আটছুমে এক সমাৱেশ উলিয়াইছিল। এই সমাৱেশৰ অন্তত পৰিৱেশ তীব্ৰতৰ হৈ পৰে আৰু ৪ মে’ত ৰাজ্যত হিংসাত্মক পৰিস্থিতি বিয়পি পৰে।

৪ মে’ৰ পৰা আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতি এতিয়াও চলি আছে। ৰাজ্যখনত এই হিংসাত্মক ঘটনাত এতিয়ালৈকে ১৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে, এক প্ৰতিবেদন অনুসৰি হিংসাত্মক ঘটনাৰ ফলত ৬০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে মণিপুৰত। অসমৰ কাছাৰ জিলাত মণিপুৰৰ বহু লোক পলায়ন কিৰ আশ্ৰয় ল’বলৈ বাধ্য হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত মণিপুৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।