নিউজ ডেস্ক, ২০ জুলাই, ২০২৩ : যুৱতীৰ সৈতে হোৱা বৰ্বৰতাৰ পুৰণি ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে হিংসাৰ জুইত জ্বলি থকা মণিপুৰত। মণিপুৰৰ ভাইৰেল ভিডিঅ’ক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ দুগৰাকী মহিলাৰ সৈতে সংঘটিত হোৱা জঘন্য কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে এই ঘটনাই দেশৰ ১৪০ কোটি জনতাক লজ্জিত কৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে অভিযুক্তৰ মৃত্যুদণ্ড নিশ্চিত কৰিব চৰকাৰে (Chief Minister of Manipur)।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয়, ‘আমি ভিডিঅ’টো দেখিছো আৰু মোৰ বৰ বেয়া লাগিছে। ই মানৱতাৰ বিৰুদ্ধে অপৰাধ। লগে লগে মই আৰক্ষীক নিৰ্দেশ দিলো যে দোষীক গ্ৰেপ্তাৰ কৰক আৰু ৰাজ্য চৰকাৰে অভিযুক্তৰ মৃত্যুদণ্ড নিশ্চিত কৰাৰ চেষ্টা কৰিব। প্ৰতিজন মানুহেই নিন্দা কৰা উচিত।” ভিডিঅ’টোত শ শ লোকে এটা সম্প্ৰদায়ৰ দুগৰাকী যুৱতীক উলংগ কৰি পথত পেৰেড কৰা দেখা গৈছে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে ৰাইজ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ঘটনাৰ লগত জড়িত মূল অভিযুক্তজনক।

ইফালে ভিডিঅ’টো শ্বেয়াৰ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে বিৰোধীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ দাবী জনাইছে। মণিপুৰৰ লজ্জাজনক ভিডিঅ’ৰ বিষয়টো উচ্চতম ন্যায়ালয়লৈ গৈছে। উচ্চতম ন্যায়ালয়ে কয় যে মণিপুৰত দুগৰাকী মহিলাক উলংগ হৈ পেৰেড কৰা ভিডিঅ’টোৱে সঁচাকৈয়ে বিচলিত কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে চৰকাৰক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। যদি চৰকাৰে নোৱাৰে তেন্তে উচ্চতম ন্যায়ালয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়।

নিৰ্যাতনৰ বলি হোৱা যুৱতীক পথাৰত দলবদ্ধ ধৰ্ষণ কৰা বুলিও অভিযোগো উত্থাপন কৰিছে এটা জনজাতীয় সংগঠনে। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই ঘটনাক অমানৱীয় ঘটনা বুলি অভিহিত কৰাৰ বিপৰীতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জগৰীয়া কৰিছে। ৰাহুল গান্ধীয়ে কয় যে আমি মণিপুৰৰ ৰাইজৰ লগত থিয় দিছো। প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাই মণিপুৰক অৰাজকতাৰ দিশে ঠেলি দিছে।

জানিব পৰা মতে মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ এদিন পিছতে অৰ্থাৎ ৪ মে’ত কাংপকপি জিলাত সংঘটিত হৈছিল যুৱতী দুগৰাকীক উলংগ কৰি নিৰ্যাতন চলোৱাৰ ঘটনা। হিংসাত্মক ঘটনাৰ পিছত একাংশই অপহৰণ কৰা পাঁচজনীয়া এটা দলৰ অংশ আছিল নিৰ্যাতন বলি হোৱা যুৱতী কেইগৰাকী। ইয়াৰে এগৰাকী ১৯ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী অধীক্ষক কে মেঘচন্দ্ৰ সিঙে কয় যে বিষয়টোৰ তদন্ত চলি আছে আৰু এই সন্দৰ্ভত অজ্ঞাত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অপহৰণ, দলবদ্ধ ধৰ্ষণ আৰু হত্যা ইত্যাদি গোচৰ ৰুজু কৰা হৈছে। অতি সোনকালে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে সকলো প্ৰচেষ্টা হাতত লৈছে।