মানকাচৰ : ২৫ বছৰ সম্পন্ন হ’ল মানকাচৰৰ নামঘৰ স্থাপনৰ। শংকৰী কলা-কৃষ্টিৰে মানকাচৰৰ নামঘৰৰ ৰূপালী জয়ন্তী উদযাপনৰ বাবে অভ্যৰ্থনা কমিটিৰ গঠন। অহা ৬, ৭ আৰু ৮ মে’ত তিনিদিনীয়া কাৰ্যসূচীৰে মানকাচৰৰ নামঘৰৰ ৰূপালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব মুখ্য অতিথি হিচাপে।

নামনি তথা পশ্চিম অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত থকা একমাত্ৰ নামঘৰখন স্থাপনৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে নামঘৰত শংকৰী কলা কৃষ্টিৰে ৰূপালী জয়ন্তী উদযাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। ৰূপালী জয়ন্তী উদযাপনৰ বাবে দেওবাৰে মানকাচৰৰ এএল লতিফ ছোৱালী ইন্সটিউশ্যনত বিশেষ সভা অনুষ্ঠিত কৰা হয়।

নামঘৰৰ সভাপতি ভৱানী প্ৰসাদ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰূপালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰূপালী জয়ন্তী উদযাপনৰ বাবে প্ৰায় ১০০ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া। উল্লেখ্য যে ১৯৯৭ চনৰ ৯ মে’ তাৰিখে মানকাচৰ নামঘৰৰ লাইখুটা স্থাপন কৰা হৈছিল।

মানকাচৰ ইউকো বেংকৰ তদানীন্তন বেংক বিষয়া অক্ষয় কুমাৰ ডেকাৰ নেতৃত্বত নামঘৰখন স্থাপন কৰা হৈছিল। নামঘৰখনৰ ৰূপালী জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি নামঘৰৰ প্ৰতিষ্ঠাপক তথা সাধাৰণ সম্পাদক অক্ষয় কুমাৰ ডেকাই জানিবলৈ দিয়ে। মানকাচৰ নামঘৰক লৈ বহু পৰিকল্পনা হাতত লোৱা হৈছে বুলি সভাপতি ভৱানী প্ৰসাদ অধিকাৰী জানিবলৈ দিয়ে।