আমিনুৰ ৰহমান
শিৱসাগৰ : শিৱসাগৰ আৰক্ষীৰ বৃহৎ সাফল্য। শিৱসাগৰ আৰক্ষীয়ে অৱশেষত জালত পেলাবলৈ সক্ষম হৈছে কুখ্যাত ডকাইতৰ দলক। কুখ্যাত ডকাইতৰ দল বদং বাহিনী অৱশেষত পৰিল শিৱসাগৰ আৰক্ষীৰ জালত। কেইবাটাও ডকাইতিকাণ্ডৰ লগত জড়িত ডকাইত কেইজন।

শিৱসাগৰৰ কুখ্যাত ডকাইতৰ দল বদং বাহিনী শিৱসাগৰ আৰক্ষীৰ জালত পৰিছে৷ বদং বাহিনীৰ ৫ জনকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ আৰক্ষীয়ে। বাবা লাহণ, আৰিফ খানৰ নেতৃত্বত গঠিত কুখ্যাত ডকাইতৰ দল বদং বাহিনীত এই ৫ জন সদস্যই আতংক চলাই আছিল শিৱসাগৰত।

সমগ্ৰ শিৱসাগৰ জিলাত আতংকৰ সৃষ্টি কৰা ডকাইতৰ দলটোৰ এই ৫ জন সদস্যক শিৱসাগৰ আৰক্ষীয়ে নিশা বামুনবাৰী বাগানৰ পৰা গ্ৰেপ্তাৰ কৰে। এই গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে বামুনবাৰী বাগানত আত্মগোপন কৰি থকা অৱস্থাত ডকাইত ৫ জনক গ্ৰেপ্তাৰ কৰে।

যোৱা ২৮ ফেব্ৰুৱাৰীৰ নিশা শিৱসাগৰৰ পোনজান পথত সংঘটিত হোৱা এক ডকাইতিকাণ্ডৰ লগত জড়িত আছিল এই ডকাইতৰ দলটো। ধৃত ডকাইত কেইজন হৈছে ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত জাপিসজীয়া গাঁৱৰ ইকৰাম আলী ওৰফে বদং, চামচুল আলী, জালালউদ্দিন আহমেদ, আখতাৰ হুছেইন আৰু নেবুল হুছেইন ওৰফে ফেঁটী।