Mecroman : উত্তৰ-পূবৰ বজাৰত নতুন সামগ্ৰী মুকলি মেক্ৰ’মেন মডাৰ্ণ বেছিকছৰ

In ব্যৱসায়, ৰাজ্য
Umra Package

গুৱাহাটী : দেশৰ আগশাৰীৰ ইনাৰৱেৰ নিৰ্মাতা প্রতিষ্ঠান মেক্রোমেনে (Mecroman) তেওঁলোকৰ নতুন বিভাগ মেক্রোমেন মডাৰ্ণ বেছিকছৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰৰ বাবে মুকুলি কৰে নতুন সামগ্ৰী। উত্তৰ পূৱৰ বজাৰৰ বাবে গুড ভেল্যু মার্কেটিঙে গুৱাহাটী স্থিত কোম্পানী ডিষ্ট্রিবিউটৰ সকলৰ সৈতে আয়োজন কৰা ৰিটেইলাৰ মিটত নতুন সামগ্ৰী মুকলি কৰা হয়।

উক্ত বৈঠকত ৰিটেইলাৰ মিট কোম্পানীৰ জোনেল চেলছ মেনেজাৰ শেষাদ্ৰি কুমাৰ চক্ৰৱৰ্তী আৰু আঞ্চলিক বিক্ৰী প্ৰৱন্ধক দীপাংকৰ মিত্ৰ, গুড ভেল্যু মাৰ্কেটিঙৰ বিমল কুমাৰ বাইদ, ৰণজিৎ বোথ্রা, যুৱ ব্যৱসায়ী য়শ বোথ্রাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।আনহাতে ১০০ তকৈও অধিক ৰিটেইলাৰৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মেক্রোমেন মডার্ণ বেছিকচ বিভাগে মুকুলি কৰা সামগ্ৰীসমূহ প্ৰশংসা কৰে। মধ্য আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীৰ লোক সকলৰ কথা মনত ৰাখিয়ে ভেষ্ট, ব্রিফ, ট্রাংক, বক্সাৰ শ্বৰ্টচ, লাউঞ্জাৰ আদি নতুন সামগ্ৰী মুকুলি কৰা হয়।

গুড ভেল্যু মাৰ্কেটিঙৰ বোথ্রা কয় যে ৰিটেইলাৰসকলৰ বাবে কোম্পানীটোৱে বহুতো আকর্ষণীয় আঁচনিও গ্রহণ কৰিছে। মেক্ৰ’মেন মডাৰ্ণ বেছিকছৰ নতুন সামগ্ৰী মুকলি কৰাৰ লগে লগে মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীৰ গ্ৰাহকৰ দীৰ্ঘদিনীয়া অভাৱ পূৰ্ণ হব বুলি আশা প্ৰকাশ কৰে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu