Nazira : শিমলুগুৰি বাণিজ্যিক কেন্দ্ৰৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

In ৰাজ্য
Umra Package

নাজিৰা : নাজিৰা (Nazira) মহকুমা অন্তৰ্গত শিমলুগুৰি পৌৰসভাৰ নৱ নিৰ্মিত “শিমলুগুৰি বাণিজ্যিক কেন্দ্ৰ”ৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ। নাজিৰা তথা শিমলুগুৰি ৰাইজৰ সুবিধাৰ্থে এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ আশ্বাস মন্ত্ৰী সিংহলৰ। শিমলুগুৰি আৰু নাজিৰা চহৰক “টুইন টাউন” বুলি সম্বোধন মন্ত্ৰী গৰাকীৰ। আত্ম-সহায়ক গোটৰ মহিলা সকলে ঘৰতে উৎপাদিত সামগ্ৰী সমূহ বিক্ৰী কৰিবলৈ সুযোগ লাভ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী সিংহলে।

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে নাজিৰা মহকুমা অন্তৰ্গত শিমলুগুৰি পৌৰসভাৰ দ্বাৰা নৱ নিৰ্মিত “শিমলুগুৰি বাণিজ্যিক কেন্দ্ৰ”টিৰ শুভ উদ্বোধন কৰে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ প্ৰতিনিধি ময়ুৰ বৰগোহাঁই, ১০৪ নং নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়াৰ প্ৰতিনিধি জয়চন্দ্ৰ হাতীবৰুৱা জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন, শিমলুগুৰি পৌৰসভাৰ সভানেত্ৰী কবিতা মেচ, নাজিৰা পৌৰ সভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়া,আমগুৰি পৌৰ সভাৰ সভানেত্ৰী অনামিকা নেওগ, ডিমৌ পৌৰসভাৰ সভানেত্ৰী পল্লবিতা বৰা,শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃণালিনী কোঁৱৰৰ উপস্থিতিত এই বাণিজ্যিক কেন্দ্ৰটি স্থানীয় ব্যৱসায়ী সকলৰ ব্যৱসায়ৰ সুবিধাৰ্থে মুকলি কৰা হয়।

মন্ত্ৰী অশোক সিংহলে নিজৰ ভাষণত প্ৰথমে সকলোকে মে- ডাম-মে-ফীৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে,”শিমলুগুৰিৰ বাণিজ্যিক কেন্দ্ৰটিয়ে ব্যৱসায়ী সকলক আৰ্থিকভাৱে লাভান্বিত হোৱাৰ দিশত এক ভাল সুযোগ প্ৰদান কৰিব।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “লোকেল ফৰ ভ’কেল”ক গুৰুত্ব দি আত্ম-সহায়ক গোটৰ মহিলা সকলক ঘৰতে তৈয়াৰ কৰা সামগ্ৰী গৌৰৱেৰে এই বাণিজ্যিক কেন্দ্ৰটিত বিক্ৰী কৰিবলৈ তেখেতে উৎসাহিত কৰে। শিমলুগুৰি আৰু নাজিৰা চহৰ দুখনক “টুইন টাউন” বুলি সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে “এই বাণিজ্যিক কেন্দ্ৰটি পৰিষ্কাৰকৈ ৰখাটো আমাৰ সকলোৰে নৈতিক কৰ্তব্য। নগৰখনৰ উন্নতিৰ হকে আমি চাফ চিকুনতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক গুৰুত্ব দি সঠিকৰূপে জাবৰ নিষ্কাষণ কৰিব লাগিব।”

শিৱসাগৰ জিলাৰ প্ৰত্যেকখন নগৰৰ মাষ্টাৰ প্লেনৰ কাম চলি আছে বুলিও মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে। এই বছৰৰ শেষৰ ফালে নাজিৰা তথা শিমলুগুৰি ৰাইজৰ সুবিধাৰ্থে এটা সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে আশ্বাস দিয়ে।উল্লেখযোগ্য যে, এই বাণিজ্যিক কেন্দ্ৰটোৰ দ্বাৰা শিমলুগুৰি পৌৰসভালৈ এক বৃহৎ পুঁজি আহিব আৰু ইয়াৰ যোগেদি শিমলুগুৰি নগৰৰ উন্নয়ন মূলক আচঁনি সমূহ ৰূপায়ন কৰাত সহায় হ’ব। তদুপৰি, মন্ত্ৰী গৰাকীয়ে লিগিৰীপুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয় তথা লিগিৰীপুখুৰীত নিৰ্মীয়মান এটি অঙ্গনৱাড়ী কেন্দ্ৰ আৰু নাজিৰা পৌৰ সভাৰ কাৰ্যালয়ও পৰিদৰ্শন কৰে।

মন্ত্ৰী গৰাকীয়ে নাজিৰা পৌৰসভাৰ অধীনত “পঞ্চদৰ্শ বিত্ত আয়োগ, আন টাইড ২০২০-২১ ৰ পুঁজিৰে নিৰ্মিত নাজিৰা নগৰৰ গৌশালা পথটোৰ শুভ উদ্ধোধন কৰে। নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে নিজৰ ভাষণত পৌৰসভাখনৰ সৰ্বতো প্ৰকাৰে উন্নয়ন কামনা কৰাৰ লগতে বাণিজ্যিক কেন্দ্ৰটি কাৰ্যক্ষম কৰি তোলাত জড়িত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে সকলো ব্যৱসায়ীৰে বাণিজ্যিক কেন্দ্ৰটি জাকত জিলিকা কৰি ৰখাৰ দায়িত্ব আছে বুলি তেখেতে মত প্ৰকাশ কৰে। সভাত শিমলুগুৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়া, নাজিৰা মহকুমা প্ৰশাসনৰ বিষয়া সকল, শিমলুগুৰি পৌৰসভাৰ বিষয়া কৰ্মচাৰী সকলৰ, ৱাৰ্ড কমিছনাৰ সকল, শিমলুগুৰিৰ ব্যৱসায়িক সন্থাৰ সদস্য সকল, নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মী সকলৰ লগতে গৰিষ্ঠ সংখ্যক স্থানীয় লোক উপস্থিত থাকে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu