জোনমণি বেগম
বিশ্বনাথ : ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ দৰে অসমখনো এখন অন্যতম কৃষি প্ৰধান ৰাজ্য। অসমৰ নৱ গঠিত বিশ্বনাথ জিলাৰ এক গৰিষ্ঠ সংখ্যক লোক কৃষি কাৰ্যৰ লগত জড়িত হোৱাৰ লগতে মূলতঃ ধান খেতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে, সাধাৰণভাৱে কবলৈ গলে নৱ গঠিত জিলাখনৰ কৃষক সকলৰ বাৰ্ষিক আয়ৰ মুখ্য উৎস হৈছে ধানখেতি।

বিশ্বনাথ জিলাৰ কৃষক সকল দীৰ্ঘদিন ধৰি জীৱন জীৱিকাৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা এক গুৰুত্বপূৰ্ণ সমস্যা হৈছে, কৃষক সকল উৎপাদিত কৰা ধানৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ অহা। ফলত কৃষক সকলে যথেষ্ট অসুবিধাত পৰিব লগীয়া হয়। বহু কৃষকে ধানখেতিৰ বাবে যি পৰিমাণৰ অৰ্থ ব্যয় কৰে সেই অনুপাতে বিক্ৰী মূল্য লাভ নকৰে, ফলত বহু কৃষক ঋণগ্ৰস্থ হৈ সৰ্বশ্ৰান্ত হ’বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে।

এনেবোৰ সমস্যা বাবেই ক্ৰমান্বয়ে সাধাৰণ কৃষক সকল হতাশাগ্ৰস্ত হৈ পৰা দেখা গৈছে আৰু বহু কৃষকে ইতিমধ্যে কৃষি কাৰ্য ত্যাগ কৰাও দৃষ্টিগোচৰ হৈছে। এনেদৰেই হতাশাগ্ৰস্ত কৃষকে উৎপাদিত ধানৰ উচিত মূল্য লাভ নকৰাৰ বাবে কৃষি কাৰ্য ত্যাগ কৰিলে ইয়াৰ প্ৰভাৱ ক্ৰমান্বয়ে ৰাজ্যৰ অৰ্থনীতিত পৰাৰ সম্ভাৱনা দেখা দিব আৰু সমান্তৰালভাৱে নিবনুৱা সমস্যাই মূৰ দাঙি উঠিব।

সাম্প্ৰতিক সময়ত অসম চৰকাৰে কৃষকৰ পৰা ধান কিনিবলৈ ২০০ কোটি টকা এক বাজেট অনুমোদন দিছে যদিও বৃহত্তৰ বিশ্বনাথ জিলাত এটাও ধান কিনা কেন্দ্ৰ নথকাৰ বাবে কৃষক সকল উক্ত আচনিৰ পৰা বঞ্চিত হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। সেয়েহে বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ জিলাত অতি শীঘ্ৰে ধান কিনা কেন্দ্ৰ স্থাপন কৰি বৃহত্তৰ বিশ্বনাথ জিলাৰ কৃষক ৰাইজক উপকৃত কৰিবলৈ দাবী জনাই বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ কৃষিমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উপায়ুক্তৰ জৰিয়তে কৃষিমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নাচিৰ আহমেদ, বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, উপ সভাপতি অমৰজ্যোতি বৰা, যুতিয়া সম্পাদক নিহাৰ শইকীয়া, জিলা কাৰ্যনিৰ্বাহ সদস্য ধনটি দত্তৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেইবাগৰকী সদস্যই। শংখনটোৰ নেতা আৰু সদস্য সকলে আশা প্ৰকাশ কৰে যে কৃষিমন্ত্ৰীয়ে জিলাখৰ কৃষক সকলৰ সুবিধাৰ বাবে অতি শীঘ্ৰে জিলাখনত ধান বিক্ৰী কেন্দ্ৰ স্থাপন কৰিব।