হাটশিঙিমাৰী : হাটশিঙিমাৰীৰ মাতিনেৰ চৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। জিলা প্ৰশাসনৰ বিৰুদ্ধে বেদখলকাৰীৰ প্ৰতিবাদ। উচ্ছেদৰ পূৰ্বে চৰকাৰে অবন্টন দিয়া ভূমি ভূমিহীন লোকক চমজাই দিয়াৰ দাবী। বেদখলকাৰীক জিলা প্ৰশাসনৰ তিনি দিনৰ সময় প্ৰদান কৰি স্থগিত উচ্ছেদ অভিযান। তিনি দিনত ভিতৰত ভূমি বেদখলমুক্ত নকৰিলে পুনৰ চলিব উচ্ছেদ অভিযান।

প্ৰায় দুবছৰ পূৰ্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ মাতিনেৰ চৰত চৰকাৰী ভূমি বেদখল কৰা দুই শতাধিক পৰিয়ালক উচ্ছেদ কৰিছিল। বেদখলকাৰীৰ কবলত থকা ভূমিত চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰশাসনে প্ৰস্তুতি হাতত লৈছে। ব্ৰহ্মপুত্ৰ নদীৰ গৰা খহনীয়াৰ কবলত পৰি মাটি-ভেটি হেৰুওৱা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বহু পৰিয়ালে হাটশিঙিমাৰীৰ মাতিনেৰ চৰত চৰকাৰী ভূমিত আশ্ৰয় লৈছিল।

গৰাখহনীয়াৰ কবলত পৰি ভূমিহীন হোৱা লোক সকলক দুবছৰ পূৰ্বে জিলা প্ৰশাসনে উক্ত ভূমিত উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়কে ধৰি কেইবাটাও চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ প্ৰস্তুতি হাতত লৈ উক্ত পৰিয়াল কেইটাক উচ্ছেদ কৰি চৰকাৰী ভূমি বেদখলমুক্ত কৰা হৈছিল। ইফালে জিলা প্ৰশাসনৰ ফালৰ পৰা ভূমিহীন এই সকল লোকক পুনৰ সংস্থাপনৰ বাবে অন্য এটা স্থানত ভূমিও আবন্টন দিয়া হৈছিল যদিও একাংশ লোকে ইতিমধ্যে নতুনকৈ আবন্টন হোৱা ভূমিত ঘৰ সাজি আশ্ৰয় লৈছে যদিও আন একাংশ লোকে এতিয়াও চৰকাৰীভাৱে আবন্টন দিয়া ভূমি জিলা প্ৰশাসনৰ পৰা বুজাই নোপোৱাত প্ৰায় শতাধিক পৰিয়াল হাঁহাকাৰ কৰিব লগীয়া হৈছে।

ইয়াৰ মাজতে মঙলবাৰে পুনৰ জিলা প্ৰশাসনে উক্ত ভূমিত চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে উচ্ছেদ অভিযান আৰম্ভ কৰে। উক্ত ভূমিত আশ্ৰয় লৈ থকা শতাধিক পৰিয়াল জিলা প্ৰশাসনৰ এই উচ্ছেদক বাধা প্ৰদান কৰাৰ লগতে আবন্টন দিয়া মাটি চমজাই দি উচ্ছেদ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ধৰে। শতাধিক পুৰুষ-মহিলাই পথৰ ওপৰত শুই পথ অৱৰোধ কৰি উচ্ছেদ কাৰ্য বন্ধ কৰাৰ দাবী জনায়। জিলা প্ৰশাসনে পথৰ ওপৰত শুই পথ অৱৰোধ কৰা প্ৰতিবাদকাৰী সকলক খেদি পঠাবলৈ চেষ্টা চলাই থকাৰ মাজতে পৰিস্থিতি অধিক উত্তাল হৈ পৰে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰনলৈ কৰিবলৈ সক্ষম হয়।

ইফালে বেদখলকাৰী পৰিয়াল কেইটাই জনোৱা দাবীৰ প্ৰতি সঁহাৰি জনাই দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে বেদখলকাৰী সকলক তিনি দিনৰ সময় প্ৰদান কৰি উচ্ছেদ অভিযান স্থগিত ৰাখে। তিনি দিনৰ ভিতৰত বেদখলকাৰী পৰিয়াল কেইটা উক্ত ভূমি বেদখলমুক্ত নকৰিলে পুনৰ উচ্ছেদ অভিযান চলোৱা হ’ব বুলি জিলা প্ৰসাদনে সকীয়ানি প্ৰদান কৰে। ইফালে একাংশ বেদখলকাৰীয়ে কয় যে নদীৰ গৰাখহনীয়াৰ কবলত পৰি মাটি-ভেটি হেৰুৱাই তেওঁলোকে উক্ত ভূমিত ২০-২২ বছৰ ধৰি আশ্ৰয় লৈ আছে।