ৰঙিয়া, ১১ অক্টোবৰঃ ৰঙিয়াত গুণোৎসৱৰ প্ৰস্তুতি চলি থকা সময়তে ১৫ গৰাকী ছাত্ৰী অসুস্থ হৈ বিদ্যালয়ৰ চৌহদত ঢলি পৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ পিতাম্বৰ হাটবজালী হাইস্কুলত গুণোৎসৱৰ প্ৰস্তুতি চলি থকা সময়ত প্ৰখৰ ৰ’দত ছাত্ৰী ছাত্ৰী সকলক শাৰি পাতি প্ৰাৰ্থনা কৰিবলৈ দিয়া হয়৷ বহু সময় ধৰি ৰ’দত থিয় হৈ প্ৰাৰ্থনা কৰি থকাত প্ৰথমে দুগৰাকী আৰু কিছু সময় পিছত আন ১৩ গৰাকী ছাত্ৰী অসুস্থ হৈ মাটিত ঢলি পৰে। ছাত্ৰী কেইগৰাকীক ততালিকে ৰঙিয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমান ছাত্ৰী কেইগৰাকী বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে।