মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ আৰাট গাঁৱত বৃহস্পতিবাৰৰ নিশা ৮-০০ বজাত মৰাপাটৰ খেতিত মাজত উদ্ধাৰ হয় এটি ৪ বছৰীয়া কন্যা শিশুৰ মৃতদেহ। মৰাপাটৰ খেতিৰ মাজত কন্যা শিশুটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কন্যা শিশুটি সুখচৰ থানাৰ অন্তৰ্গত আৰাট গাঁৱৰ আব্বাচ আলীৰ কন্যা আবিদা বেগম বুলি চিনাক্তকৰণ হৈছে।

উল্লেখ্য যে সুখচৰ থানাৰ অন্তৰ্গত আৰাট গাঁৱৰ আব্বাচ আলীৰ ৪ বছৰীয়া কন্যা আবিদা বেগম বৃহস্পতিবাৰে দিনৰ দুই বজাত ওচৰৰে দোকান এখনত যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে শিশুটিৰ সন্ধান উলিয়াব নোৱাৰাত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। অৱশেষত নিশা ৮ বজাত ওচৰৰে মৰাপাটৰ খেতিত ডিঙিত মৰাপাট বন্ধা অৱস্থাত আবিদা বেগমৰ মৃতদেহ প্ৰত্যক্ষ কৰে একাংশ লোকে।

আবিদা বেগমৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় আৰু ঘটনাটো সুখচৰ আৰক্ষী থানাত অৱগত কৰোৱাত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ যায়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি কন্যা শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে আবিদা বেগম দোকানত যোৱা সময়ত দুস্কৃতিকাৰীয়ে হত্যা কৰি মৰাপাট খেতিত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

ইফালে আবিদা বেগমৰ পৰিয়ালৰ একাংশ লোকে হত্যাৰ লগত জড়িত দুস্কৃতিকাৰীক চিনাক্তকৰণ কৰিছে যদিও নাম ৰাজহুৱা কৰা নাই বুলি জানিব পৰা গৈছৰ। ঘটনাস্থলীত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল আৰক্ষীৰ এটা দলসহ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। শিশুটিৰ হত্যাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও পূৰ্বৰ সংঘাতৰ বাবেই শিশুটিক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই।