গুৱাহাটী, ১০ জুন, ২০২৩ : জনতা ভৱনত ‘মিশ্যন বানমুক্ত গুৱাহাটী’ (Mission Flood Free Guwahati) সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক। মহানগৰীৰ বিভিন্ন অঞ্চলত চলি থকা কাম-কাজৰ পুনৰীক্ষণৰ বাবে বিভিন্ন বিভাগৰ বিষয়াসকলৰ যুটীয়া পৰ্যবেক্ষণৰ নিৰ্দেশ। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে শনিবাৰে (১০ জুন) জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ, লোক নিৰ্মাণ বিভাগ, জলসম্পদ বিভাগ, গুৱাহাটী পৌৰ নিগম আদি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ‘মিশ্যন বানমুক্ত গুৱাহাটী’ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷

সমাগত বাৰিষা কালত গুৱাহাটী মহানগৰীৰ ৰাইজে যাতে কৃত্ৰিম বানপানীৰ সমস্যাত বৰ বেছি দুৰ্ভোগ ভুগিবলগীয়া নহয়, সেয়া নিশ্চিত কৰাৰ বাবে ‘মিশ্যন বানমুক্ত গুৱাহাটী’ৰ অধীনত বিভিন্ন বিভাগৰ ওপৰত ন্যস্ত কৰা দায়িত্বৰ অগ্ৰগতিৰ বিষয়ে বৈঠকত মন্ত্ৰী অশোক সিংহলে বিশদভাৱে পৰ্যালোচনা কৰে আৰু কাম-কাজৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাসমূহ কাৰ্যকৰীভাৱে সমাধানৰ বাবে সংশ্লিষ্ট বিষয়ববীয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷ উল্লেখযোগ্য যে মিশ্যন বানমুক্ত গুৱাহাটীৰ অধীনত মহানগৰীৰ বিভিন্ন নদী তথা নলা-নৰ্দমা পৰিষ্কৰণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জি এম ডি এ), জলসম্পদ বিভাগ, লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম আদিক সুকীয়া সুকীয়াকৈ বিভিন্ন দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু সেইবোৰৰ কামত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে বুলি সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলে মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে৷

মহানগৰীৰ ৱায়াৰলেছ, হাতীগাঁও, ৰুক্মিণীগাঁও আদি অঞ্চলত চলি থকা কাম-কাজৰ পুনৰীক্ষণৰ বাবে বিভিন্ন বিভাগৰ বিষয়াসকলৰ এক যুটীয়া পৰ্যবেক্ষণৰ বাবেও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন আৰু সচিব পৱিত্ৰৰাম খাউণ্ডৰ লগতে ‘মিশ্যন বানমুক্ত গুৱাহাটী’ৰ দায়িত্ববাহী অন্যান্য বিভাগৰসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্য যে এজাক বৰষুণতে মহানগৰী গুৱাহাটীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত ডুব যায়। বাৰিষাৰ সময়ছোৱাত কৃত্ৰিম বানৰ ফলত মহানগৰীবাসী যমৰ যাতনা ভুগিব লগা হয়।

যোৱা বিধানসভা নিৰ্বাচনত গুৱাহাটীবাসীক কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসকীয় বিজেপি দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিলে যদিও গুৱাহাটীবাসীয়ে কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ নাপালে। কৃত্ৰিম বান গুৱাহাটী মহানগৰীৰ এক দীর্ঘদিনীয়া সমস্যা। বিশেষকৈ মহানগৰীৰ জু-ৰোড, হাতীগাঁও, ৰুক্মিণীগাঁও এজাক বৰষুণতে এবুকু পানীৰ তলত ডুব যায়। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ ফলত কেইবাজনো লোক মৃত্যুৰ মুখত পৰিছে।