গুৱাহাটী, ১০ জুন, ২০২৩ : পুনৰ এক শোকাবহ ঘটনা সংঘটিত হৈছে মহানগৰীত। গাঁত খান্দি থকা অৱস্থাত মৃত্যু হয় এজন শ্ৰমিকৰ। গাঁত খান্দি থাকোতে মাটি খহি নিহত হয় শ্ৰমিকজন (One Death, Two Injured)। ঘটনাত আহত হয় দুজন শ্ৰমিক। আহত শ্ৰমিক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ। পাঁচজন শ্ৰমিক গাঁত খান্দি আছিল বুলি জানিব পৰা গৈছে।

গাঁত খান্দি থকা অৱস্থাত মাটি খহি এজন শ্ৰমিকৰ কৰুণ মৃত্যু ঘটিছে মহানগৰী গুৱাহাটীত। গুৱাহাটী তেল শোধনাগাৰত সংঘটিত হৈছে এই শোকাবহ দুর্ঘটনা। গুৱাহাটী তেল শোধনাগাৰত পাঁচজন শ্ৰমিকে গাঁত খান্দি থকা অৱস্থাত হঠাৎ মাটি খহি দুজন শ্ৰমিক মাটিৰ তলত পোত যায়। ফলত এজন শ্ৰমিক থিততে নিহত হয়। নিহত শ্ৰমিকজনৰ নাম আব্দুল কৰিম বুলি জানিব পৰা গৈছে।

আব্দুল কৰিমৰ ঘৰ মৰিগাঁও জিলাত। আনহাতে মাটিত পোত যাই আহত হয় আব্দুল মালিক নামৰ আন এজন শ্ৰমিক। শ্ৰমিক দুজন মাটিত পোত যোৱাৰ লগে লগে ৰজনী কলিতা নামৰ আন এজন শ্ৰমিকে দুয়োকে উদ্ধাৰ কৰিবলৈ গৈ আহত হয়। ৰজনী কিলতাৰ ঘৰ নুনমাটি অঞ্চলত। ঘটনাৰ পিছতে গাঁত খান্দি থকা আন শ্ৰমিক সকলে তিনিওকে উদ্ধাৰ কৰে। আহত আব্দুল মালিক আৰু ৰজনী কলিতা নামৰ শ্ৰমিক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

গুৱাহাটী তেল শোধনাগাৰত নিকনৰ প্রকল্পত শ্ৰমিক কেইজন কৰ্মৰত আছিল। গুৱাহাটী তেল শোধনাগাৰ আৰু নিকনৰ গাফিলতিৰ ফলতে এই শোকাবহ দুর্ঘটনা সংঘটিত হোৱা বুলি শ্ৰমিক সকলে অভিযোগ কৰে। নিহত শ্ৰমিকজনৰ আত্মীয়লৈ ২০ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰিছে শ্ৰমিক সকলে।দাবী মানি পূৰণ নকৰিলে শ্ৰমিক সকলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। ইফালে শ্ৰমিক সকলে অভিযোগ কৰে যে গুৱাহাটী তেল শোধনাগাৰ আৰু নিকনৰ কৰ্তৃপক্ষই শ্ৰমিক সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে।

আনকি শ্ৰমিক সকলক ৱৰ্ক অৰ্ডাৰ নিদিয়াকৈ কামত নিয়োজিত কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰে শ্ৰমিক সকলে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে দুদিন পূৰ্বে মহানগৰীৰ গণেশগুৰি অঞ্চলত পথৰ কাষত থকা গাঁতৰ বাবেই এগৰাকী ছাত্ৰীৰ পথ দুর্ঘটনাত কৰুণ মৃত্যু হৈছিল। প্ৰিয়া কুমাৰী নামৰ ছাত্ৰী গৰাকীৰ জ্যেষ্ঠ ভগ্নীৰ লগত স্কুটীৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত পথৰ কাষত থকা গাঁতৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰি এখন স্কুল বাছৰ চেপাত পৰি মৃত্যু হৈছিল।