গুৱাহাটী, ১১ জুন, ২০২৩ : দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ দ্বাৰা বিগত মাহত ৰেকৰ্ড সংখ্যক উপাৰ্জন পঞ্জীয়ন। পৰ্যটকৰ সমাগম বৃদ্ধি কৰিবলৈ আকৰ্ষণীয় সুবিধা প্ৰদান (Increase Tourist)। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ইউনেস্কো ঐতিহ্য ক্ষেত্ৰ দাৰ্জিলিং হিমালয়ান ৰে’লৱেই (ডিএইচআৰ) চলিত বিত্তীয় বৰ্ষৰ মে’ মাহত দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন আৰু যাত্ৰীৰ আগমন চিহ্নিত কৰিছে।

দাৰ্জিলিং হিমালয়ান ৰে’লৱেই মে’ ২০২৩ মাহত সৰ্বাধিক প্ৰায় ৩.৫৭ কোটি টকাৰ মাহিলী ৰাজহ অৰ্জনৰ ৰেকৰ্ড গঢ়ি তুলিবলৈ সক্ষম হৈছে। মে’ ২০২২ ত প্ৰাপ্ত কৰা ৩.১৯ কোটিৰ তুলনাত এয়া হৈছে ১১.৯২ শতাংশ বৃদ্ধি। অধিক জয়ৰাইড সেৱা প্ৰৱৰ্তন কৰাৰ বাবে বৰ্ধিত উপাৰ্জন প্ৰাপ্ত হয়। এই খণ্ডত পৰ্যটকৰ সমাগমৰ এই সৰ্বোৎকৃষ্ট ঋতুৰ সময়ত যাত্ৰীৰ বিশাল সমাগম আৰু যাত্ৰী ট্ৰেফিক বৃদ্ধিৰ ফলত উপাৰ্জন বৃদ্ধি হয়। মে’ ২০২৩ ত অভিলেখ সংখ্যক ৩০,৩০৩ যাত্ৰীৰ সমাগম পঞ্জীয়ন কৰা হয়, যি এমাহৰ জয়ৰাইড ৰে’ল সেৱাৰ বাবে এতিয়ালৈকে সৰ্বাধিক।

মে’ ২০২২ ত পঞ্জীয়ন কৰা ২৬,৯০৯ জনৰ তুলনাত এয়া হৈছে ১২.৬১ শতাংশ বৃদ্ধি। মে’ ২০২৩ মাহত জয়ৰাইড ৰে’লৰ গড় যাত্ৰীৰ সংখ্যা আছিল ৯২০ জন। দাৰ্জিলিং হিমালয়ান ৰে’লৱেত বৰ্তমানে, নিউ জলপাইগুড়ী আৰু দাৰ্জিলিংৰ মাজত দৈনিক সেৱা আৰু দাৰ্জিলিং আৰু ঘুমৰ মাজত জয়ৰাইড সেৱা পৰিচালন কৰা হৈছে। দাৰ্জিলিং হিমালয়ান ৰে’লৱেই ষ্টীম জাংগল টি চাফাৰী, ৰেড পাণ্ডা, হিম কন্যা আদিৰ দৰে বিশেষ সেৱাও প্ৰৱৰ্তন কৰে। চাৰ্টাৰ ট্ৰেইন, বিশেষ ফিল্ম শ্বুটিং ট্ৰেইন, হেৰিটেজ ডাইনিং কাৰ হৈছে দাৰ্জিলিং হিমালয়ান ৰে’লৱেত আগবঢ়োৱা কিছুমান আকৰ্ষণীয় সেৱা।

ডিএইচআৰত অধিক পৰ্যটকক আকৰ্ষিত কৰিবলৈ দাৰ্জিলিংত এখন নতুন কোচ ৰেষ্টুৰেণ্ট আৰু কাৰ্ছিয়াঙত এখন হেৰিটেজ ৰেষ্টুৰেণ্ট খোলা হৈছে। দেশ আৰু বিদেশত ডিএইচআৰৰ প্ৰচাৰৰ অৰ্থে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। পৰ্যটন বৃদ্ধিৰ বাবে, নতুন কোচ প্ৰৱৰ্তন আৰু নতুন সেৱা আৰম্ভ কৰা হৈছে। দাৰ্জিলিং ষ্টেশ্যনটো নতুন সুবিধা যেনে ঐতিহ্যমণ্ডিত খিৰিকী, কাঞ্চনজংঘা ভিউ পইণ্ট আদি নতুন বৈশিষ্ট্যৰ সৈতে উন্নীতকৰণ কৰা হৈছে। ঘুম ষ্টেচনৰ উন্নীতকৰণৰো প্ৰক্ৰিয়া চলি আছে। ষ্টেকহোল্ডাৰ, ট্যুৰ অপাৰেটৰ, সাংস্কৃতিক গোট, স্থানীয় জনগণ আদিৰ সৈতে অংশীদাৰীত্বৰে ইয়াৰ সংৰক্ষণ সুৰক্ষিত কৰিবলৈ আৰু ঐতিহ্যৰ মান বৃদ্ধিৰ বাবে নিয়মীয়াকৈ প্ৰয়াস চলাই থকা হৈছে।