কোকৰাঝাৰ : ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে (Ashok Singhal) তেওঁৰ দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ দ্বিতীয় দিনটোত পুৱা প্ৰাতঃভ্ৰমণৰ সময়ত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সৈতে অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ পৰিদৰ্শন কৰে।

মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত অৱস্থিত “বায়োটেক কিষাণ হাব এণ্ড টেকনোলজি ইনকুবেশ্যন চেণ্টাৰ”টি পৰিদৰ্শন কৰাৰ লগতে শিক্ষানুষ্ঠানখনৰ অধ্যাপক-অধ্যাপিকাসকলৰ সৈতে মত-বিনিময় কৰে। এই বাৰ্তালাপৰ সময়ত তেওঁ কাঠফুলাৰ উচ্চ পৰ্যায়ৰ গৱেষণাৰ লগতে অসমত কাঠফুলা খেতিৰ বিকাশ তথা কাঠফুলাৰ এখন বৃহৎ বজাৰ কিদৰে গঢ়ি তুলিব পাৰি তাৰ ওপৰত মনোনিৱেশ কৰিবৰ বাবে গৱেষণা কেন্দ্ৰটিৰ সংশ্লিষ্ট অধ্যাপক তথা বিজ্ঞানীসকলক অনুৰোধ জনায়।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সৈতে কোকৰাঝাৰস্থিত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়খনো পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি সামগ্ৰিকভাৱে সকলো দিশৰে বুজ লোৱাৰ লগতে প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা অধ্যাপকসকলৰ সৈতেও মত-বিনিময় কৰে। আনহাতে মন্ত্ৰী অশোক সিংহলে বিটিচি সচিবালয় ভৱনত আয়োজিত এক গুৰুত্বপূৰ্ণ বৈঠকত বিটিআৰ অঞ্চলত ৰূপায়িত বিভিন্ন জনকল্যাণমূলক কাম-কাজৰ পৰ্যালোচনা কৰে।

অন্যান্য বিষয়ৰ লগতে বৈঠকত বিশেষকৈ জলসিঞ্চন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ (পথ), লোক নিৰ্মাণ (গৃহ) আদি বিভাগৰ লগতে পৌৰ এলেকাসমূহত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোঁজনা (নগৰীয়া), প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), জল-জীৱন মিছন আদি আঁচনিৰ কাম-কাজৰো বিশদভাৱে বুজ লয়৷ এই বৈঠকত বিটিআৰ-প্ৰধান প্ৰমোদ বড়ো, পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, কাৰ্যবাহী সদস্যসকল, প্ৰধান সচিব অনুৰাগ গোৱেলৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত আছিল।