নিউজ ডেস্ক : টি-২০ বিশ্বকাপৰ (T-20 World Cup) ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ইংলেণ্ডে খিতাপ দখল কৰিলে। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত হোৱা ফাইনেল খেলখনত বেন ষ্ট’কৰ দূৰ্দান্ত প্ৰদৰ্শনৰ ফলত ইংলেণ্ডে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। ফাইনেল খেলখনত প্ৰথমে বেটিং কৰি পাকিস্তানে জয়ৰ বাবে ইংলেণ্ডক ১৩৮ ৰানৰ লক্ষ্য বান্ধি দিছিল।

পাকিস্তানৰ ১৩৭ ৰানৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ৫ টা উইকেট হেৰুৱাই জয়লাভ কৰে। ইংলেণ্ডে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। ইংলেণ্ডৰ ছেম কাৰাণ আৰু আদিল ৰছিদৰ বিধ্বংসী বলিংৰ সন্মুখত পাকিস্তানৰ কোনো এজন খেলুৱৈয়ে তিষ্ঠি থাকিব নোৱাৰিলে। পাকিস্তানে বান্ধি দিয়ে ১৩৮ ৰানৰ লক্ষ্য ইংলেণ্ডে সহজে সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ২০১০ চনত ইংলেণ্ডে টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াক ৭ উইকেটত পৰাস্ত কৰি জয়লাভ কৰিছিল। ২০১৬ চনতো ইংলেণ্ড ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হৈছিল।

২০২২ চনৰ ফাইনেল মেচখনত পাকিস্তানে বান্ধি দিয়া লক্ষ্যত ইংলেণ্ড দলটোৱে ৫ টা উইকেট হেৰুৱাই ১৯ অভাৰতে উপনীত হয়। ইংলেণ্ডৰ হৈ বেন ষ্ট’কে শক্তিশালী ইনিংছ খেলে। বেন ষ্ট’কে ৪৯ টা বলত অপৰাজিত ৫২ ৰান সংগ্ৰহ কৰে। বেন ষ্ট’কৰ ইনিংছত ৫ টা চাৰি আৰু এটা ছয় আছিল। আনফালে মইন আলীয়ে ১৯ ৰানৰ বৰঙণি আগবঢ়ায়। মইন আলীয়ে ১৩ টা বলত ৩ টা চাৰি কোবাই ১৯ ৰান সংগ্ৰহ কৰে। জোছ বাটলাৰে ১৭ টা বলৰ মুখামুখি হৈ ৩ টা চাৰি আৰু এটা ছয়ৰ সহায়ত ২৬ ৰান সংগ্ৰহ কৰে। মাত্ৰ ১ ৰান সংগ্ৰহ কৰি আউট হয় এলেক্স হেলছ। ১০ ৰান সংগ্ৰহ কৰে ফিলিপ ছল্ট। ২৩ টা বলত ২০ ৰান সংগ্ৰহ কৰি আউট হয় হেৰী ব্ৰুক।

পাকিস্তানৰ হৈ হাৰিছ ৰাউফ আৰু শ্বাহীন আফ্ৰিদীয়ে বলিংত উন্নত প্ৰদৰ্শন কৰে। হৰিছ ৰাউফে ৪ অভাৰত ২৩ ৰানত ২ উইকেট দখল কৰে। ২.১ অভাৰত ১৩ ৰানত এটা উইকেট দখল কৰে শ্বাহীন আফ্ৰিদীয়ে। ছাদাব খান আৰু মহম্মদ ৱাছিমও এটাকৈ সফলতা লাভ কৰে। ছাদাব খানে ৪ অভাৰত ২০ ৰান দিয়ে। আনহাতে মহম্মদ ৱাছিমে ৪ অভাৰত ৩৮ ৰান দিয়ে। ইফালে প্ৰথমে বেটিং কৰি পাকিস্তানে ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ বাবে শ্বান মাছুদে ২৮ টা বলত ৩৮ ৰান সংগ্ৰহ কৰে। শ্বান মাছুদে ২ টা চাৰি আৰু এটা ছয় মাৰে। অধিনায়ক বাবৰ আজমে ২৮ টা বলত ৩২ ৰান সংগ্ৰহ কৰে। বাবৰ আজমে ২ টা চাৰিটা মাৰিছিল। ১৫ ৰান সংগ্ৰহ কৰে মহম্মদ ৰিজৱানে। মহম্মদ হৰিছে মাত্ৰ ৮ ৰানহে সংগ্ৰহ কৰে।

পাকিস্তানৰ ছাদাব খানে ১৪ টা বলত ২০ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ বিধ্বংসী বলিং কৰি ছেম কাৰানে ৩ টা উইকেট দখল কৰে। ৪ অভাৰত মাত্ৰ ১২ ৰানহ খৰচ কৰি ৩ টা উইকেট দখল কৰে ছেম কাৰানে। আদিল ৰছিদো উন্নত বলিং কৰি ৪ অভাৰত ২২ ৰানত ২ উইকেট দখল কৰে। ক্ৰিছ জৰ্ডানে ৪ অভাৰত ২৭ ৰান খৰচ কৰি ২ উইকেট দখল কৰে। পাকিস্তানে বান্ধি দিয়া লক্ষ্য সংগ্ৰহ কৰিবলৈ আহি ইংলেণ্ড দলটোৱে আৰম্ভণিৰ পৰাই আক্ৰাত্মক বেটিং কৰে। পাকিস্তানৰ বলাৰ সকলে মাজে মাজে ইংলেণ্ডৰ উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হয় যদিও ১৯ অভাৰত ৫ উইকেটত ইংলেণ্ড দলটোৱে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰে।