মিৰ্জা, ৮ অক্টোবৰঃ দক্ষিণ কামৰূপৰ বঙৰাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। বাছ আৰু ৱেগনাৰৰ মুখামুখী সংঘৰ্ষত ৱেগনাৰৰ চালকসহ এজন লোক থিতাতে নিহত হোৱাৰ লগতে বাছৰ যাত্ৰীসহ ৫জন লোক গুৰুতৰ ভাবে আহত হয়। প্ৰাপ্ত তথ্য মতে, ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আহি থকা এএছ-১৮ চি-৭৮৩৬ নম্বৰৰ আল্টা ষ্টাৰ বাছখনে একে দিশৰ পৰা আহি থকা এএছ-২৫ এইচ-৮৩২৮ নম্বৰৰ এখন স্কুটীক অভাৰটেক কৰাৰ সময়তে বিপৰীত দিশত গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী এএছ-০১ এইচচি-২৬২১ নম্বৰৰ ৱেগনাৰখনক খুন্দা মাৰে। দুৰ্ঘটনাত ৱেগনাৰৰ চালক বিতুল বড়া, যাত্ৰী ধীৰেন চন্দ্ৰ বড়ো থিতাতে নিহত আৰু সংগীতা বড়ো গুৰুতৰ ভাৱে আহত হয়। সংগীতাক স্থানীয় লোকে সংকটজনক অৱস্থাত মিৰ্জা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ কাৰণে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। আনহাতে বাছখনৰ ২৫ জন যাত্ৰীৰ কমেও ৫ জন যাত্ৰী গুৰুতৰ ভাবে আহত হয়। আনহাতে স্কুটীৰ চালকজনো দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়। সংবাদ ৩৬৫ৰ সাংবাদিক অজয় দাসক সংগীতা বড়োৰ পৰিয়ালে জনোৱা মতে, মৃত ধীৰেণ চন্দ্ৰ বড়োৰ কন্যা সংগীতা বড়ো। উলুবাৰীৰ কাছাৰীবস্তিৰ বাসিন্দা ধীৰেণ চন্দ্ৰ বড়োৱে কন্যা সংগীতা বড়োৰ বিয়াৰ প্ৰস্তুতিৰ কথা পাতিবলৈ মিৰ্জাৰ সমীপৰ সোনতলীলৈ আহিছিল। অহা বৰ্ষৰ জানুৱাৰীত সংগীতাৰ বিয়াৰ দিন নিৰ্দ্ধাৰিত কৰা হৈছিল।