সোণতলী, ৮ অক্টোবৰঃ দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত কলহীকাষলৈ কামৰূপ জিলা আৰক্ষীয়ে প্ৰেৰণ কৰিছে এখনৰ পিছত আনখন জাননী৷ প্ৰাক্তন ভাৰতীয় সেনা বিষয়া তথা কলহীকাষৰ বাসিন্দা আজমল হকলৈ জিলা আৰক্ষীয়ে বিদেশীৰ জাননী প্ৰেৰণ কৰি ডিজিপি মুকেশ সাহায়ে ক্ষমা খোজাৰ পিছত পুনৰ কলহীকাষৰ আন ৪০ জন লোকলৈ বাংলাদেশীৰ জাননী জাৰি কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে৷ জিলা আৰক্ষীৰ তথ্য মতে, কলহীকাষত ভৰি পৰিছে অগনন বাংলাদেশীয়ে৷ প্ৰাপ্ত তথ্য মতে, ছয়গাঁৱৰ বকো থানাৰ অন্তৰ্গত কলহীকাষৰ প্ৰথমতে ৪ জন লোকলৈ কামৰূপ জিলা প্ৰশাসনে সন্দেহযুক্ত বাংলাদেশীৰ জাননী জাৰি কৰাৰ পিছত বৰ্তমান এই সংখ্যা ৪০ জনলৈ বৃদ্ধি পাইছে। কামৰূপ জিলা প্ৰশাসনে সন্দেহযুক্ত বাংলাদেশীৰ জাননী জাৰি কৰা প্ৰত্যেকজনৰে ভাৰতীয় নাগৰিকত্বৰ বৈধ নথি পত্ৰ আছে৷ ইয়াৰ পিছতো জিলা প্ৰশাসনে কিহৰ ভিত্তিত কলহীকাষৰ ৪০ জন লোকলৈ বাংলাদেশীৰ জাননী জাৰি কৰিলে সেইয়া ৰহস্যৰ আৱৰ্তত৷ স্থানীয় লোকে বৰ্ডাৰ পুলিছে কলহীকাষত তদন্ত নকৰাকৈ মইমতালিৰে ৪০ জন লোকলৈ বাংলাদেশীৰ জাননী জাৰি কৰাৰ অভিযোগ কৰি অসম আৰক্ষীক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। আনহাতে ডিজিপি মুকেশ সাহায়ে সংবাদমেল যোগে প্ৰাক্তন ভাৰতীয় সেনা বিষয়া আজমল হকলৈ ভুলবশত বাংলাদেশীৰ জাননী জাৰী কৰা হৈছিল বুলি কোৱাৰ লগতে কলহীকাষৰ একে নামৰ অন্য এজন লোকৰ নামতহে জাননীখন জাৰি কৰা হৈছিল বুলি কৰা মন্তব্যৰো গাওঁবুঢ়া স্বমেজ উদ্দিন আহমেদে তীব্ৰ সমালোচনা কৰে৷