শোণিতপুৰ, নৱেম্বৰ ৩: শোণিতপুৰ জিলাৰ সাংসদ আৰ পি শৰ্মা স্থানীয় বিধায়ক তথা মন্ত্ৰী পল্লব লোচন দাসক আধাৰশিলা স্থাপনত নিমন্ত্ৰণ নকৰাৰ বাবে ৰঙাপাৰাৰ ৰাইজৰ ৰোষৰ বলি হ’বলগীয়া হ’ল৷ শোণিতপুৰ জিলাৰ ফুলগুৰি গাঁও পঞ্চায়তৰ অধীনত সমুকীয়াত ধোকাবস্তিৰ পৰা ৰঙাপাৰা ফুলগুৰি সংযোগী পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ নিজ দলৰে একাংশ কৰ্মী আৰু স্থানীয় ৰাইজৰ ৰোষত পৰে সংসাদ আৰ পি শৰ্মা৷ সমষ্টিৰ বিধায়কক নিমন্ত্ৰণ নজনোৱাকৈ এইদৰে পথৰ আধাৰশিলা স্থাপন কৰিবলৈ অহাত সাংসদগৰাকীৰ ওপৰত জাঙুৰ খাই উঠে দলৰে কিছুমান কৰ্মী তথা স্থানীয় ৰাইজ৷ ইয়াৰ বিৰোধিতা কৰি ৰাইজে আৰ পি শৰ্মা মুর্দাবাদ, আৰ পি শৰ্মা গ’বেক শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷ দলৰে কিছুমান কৰ্মীয়ে আনকি সংসাদগৰাকীক আধাৰশিলা স্থাপন কৰাত বাধা প্ৰদান কৰি সংসাদগৰাকীক উভতি যাবলৈ কয়৷